অৰুণাচলৰ লংডিং বজাৰত ব্যৱসায়ীক গুলীয়াই হত্যা কৰিলে দুৰ্বৃত্তই
নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: চৰাইদেউ জিলাৰ গাতে লাগি থকা অৰুণাচল প্ৰদেশৰ লংডিং বজাৰত কালি সন্ধিয়া এজন ব্যৱসায়ীক গুলীয়াই হত্যা কৰে এটা দুৰ্বৃত্তৰ দলে । দুৰ্বৃত্তৰ গুলীত নিহত আতাৰ সিং (৭০) নাম ব্যৱসায়ীজন। কালি সন্ধিয়া প্ৰায় ছয় বজাত সংঘটিত হৈছে এই ঘটনা। নিহত আতাৰ সিং ৰ ঘৰ হাৰিয়ানাৰ দিৱানী জিলাত। প্ৰায় ৪০ বছৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ লংডিঙলৈ আহি ব্যৱসায় আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। লংডিং জিলাৰ আৰক্ষী অধীক্ষকৰ পৰা পোৱা তথ্য অনুসৰি এখন মটৰ চাইকেলত অহা দুজন অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ নিজৰ ব্যৱসায়ী প্ৰতিষ্ঠানত নিচেই ওচৰৰ পৰা AK47 ৰে গুলীয়াই হত্যা কৰিছে ব্যৱসায়ীজনক। নিহত আতাৰ সিংৰ বুকুত দুই ৰাউণ্ড গুলী লগা বুলি জানিব পৰা গৈছে। আনহাতে এই ঘটনা সংঘটিত কৰি পলায়ন কৰা অচিনাক্ত দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ লংডিং আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। এক বিশেষ সূত্ৰে জানিব পৰা মতে দাবিকৃত ধন আদায় নিদিয়াৰ বাবেই দুৰ্বৃত্তৰ দলটোৱে ব্যৱসায়ীজনক হত্যা কৰিছে । দুৰ্বৃত্তৰ দলটো কোনোবা বিদ্ৰোহী সংগঠনৰ সদস্য হয় নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও ঘটনাটোৱে জিলাখনৰ সাধাৰণ জনতাৰ মাজত আতংকৰ সৃষ্টি কৰিছে ।