নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত মহিলাসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ; উদ্ধাৰ লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ:-ৰঙিয়াত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান । ৰঙিয়াত সোমবাৰে পুণৰ এগৰাকী মহিলা সহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । লগতে উদ্ধাৰ লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ । ৰঙিয়া আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি উদিয়ানাত এটা নিৰ্দিষ্ট এটা গৃহৰ পৰা অভিযান চলাই ১২৩ টা ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰে । লগতে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত ঘৰটোৰ দুগৰাকী সদস্য ক্ৰমে মজনুৰ আলী আৰু তেওঁৰ আইতাক হাচিনা খাতুনক গ্ৰেপ্তাৰ কৰে । লগতে ঘৰটোৰ পৰা ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা AS 01 EJ 6893 নম্বৰৰ এখন স্কুটী জব্দ কৰে । ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে ৰঙিয়া থানাত দুই অভিযুক্তক মাৰথন জেৰা অব্যাহত ৰাখিছে ।

ফাৰুক হুছেইন , ৰঙিয়া ।

You might also like