আই নৈৰ প্ৰলয়ংকাৰী বান, NDRF আৰু SDRFৰ উদ্ধাৰ অভিযান
নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত জামদহা , জাৰাগুৰী , ভাণ্ডাৰা আদিকে বিভিন্ন স্থানত আৱদ্ধ বহু লোক ৷বৰ্তমান আই নৈৰ প্ৰলয়ংকাৰী বানে জটিল ৰূপ ধাৰণ কৰিছে নামনি অসমৰ চিৰাং আৰু বঙাইগাঁও জিলাত। বিগত সপ্তাহত ভূটানৰ পৰা নামি অহা বাঢ়নী পানীয়ে আই নৈৰ দুটাকৈ স্থানত নৈ খনৰ গতি সলাই জলমগ্ন কৰি ৰাখিছে জিলা দুখনৰ এক বৃহৎ অঞ্চল। উক্ত অঞ্চলত এনডিআৰএফ আৰু এছডিআৰএফৰ উদ্ধাৰ অভিযান অব্যাহত।