নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত ৰাষ্ট্রীয় জৰুৰী অৱস্থা ঘোষণাঃ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে কৰাব নিজৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ক’ৰোনা ভাইৰাছ মহামাৰীক ৰাষ্ট্রীয় বিপর্যয় আখ্যা দিছে৷ ৱাশ্বিংটনে এই ভাইৰাছ সংক্রমণ ৰোধ কৰাত সংগ্রাম অব্যাহত ৰাখিছে আৰু আক্রান্তসকলক সাহায্য প্রদান কৰিছে৷ ৰাষ্ট্রপতি ট্রাম্পে এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ৫০ বিলিয়ন ডলাৰ আবণ্টন দিছে৷

ইফালে, মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে কয় যে তেওঁ নিজেও ক’ৰোনা ভাইৰাছৰ পৰীক্ষা কৰাব৷ যদিও তেওঁৰ শৰীৰত কোনোধৰণৰ ৰোগৰ লক্ষণ ধৰা পৰা নাই, তথাপি ৰাষ্ট্রপতিজনে নিজ শৰীৰৰ পৰীক্ষণ কৰাব৷

You might also like