নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফাৰ আলোচনা সন্দৰ্ভত অচিৰেই দিল্লীত অমিত শ্বাহৰে বৈঠক ৰাজ্য চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ আলফাৰে শান্তি আলোচনা আৰম্ভ কৰা সম্পৰ্কত অচিৰেই নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰে সৈতে বৈঠকত মিলিত হ’ব । বুধবাৰে সাংবাদিকৰ আগত এই কথা প্রকাশ কৰিছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, গড়কাপ্টানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

উল্লেখ্য যে যোৱা মাহত এন ডি এফ বিৰ চাৰিওটা গোটে হিংসাৰ পথ পৰিহাৰ কৰি অসমৰ ভৌগোলিক অখণ্ডতা অক্ষুণ্ণ ৰাখি শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পিছমুহূর্ততে ৰাজ্যখনলৈ স্থায়ী শান্তি ওভতাই অনাৰ স্বার্থত ৰাজ্য চৰকাৰে পৰেশ বৰুৱাকে ধৰি আলফা (স্বাধীন)ক শান্তি আলোচনাত অংশগ্রহণ কৰিবলৈ আহ্বান জনায়৷ ৰাজ্য চৰকাৰৰ হৈ মন্ত্রী ড০ শর্মাই উক্ত প্রস্তাৱ আগবঢ়োৱাৰ পাছতেই সংবাদ মাধ্যমৰ জৰিয়তে পৰেশ বৰুৱায়ো আলোচনা সম্পর্কত তেওঁলোকৰ ইতিবাচক দৃষ্টিভংগী প্রকাশ কৰে৷ পৰৱর্তী পর্যায়ত যোৱা ৭ ফেব্রুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদী কোকৰাঝাৰ ভ্রমণলৈ অহাৰ সময়ত বিষয়টো মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ শর্মাই তেওঁক অৱগত কৰে৷ প্রধানমন্ত্রী মোদীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ এই সম্পর্কত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰে আলোচনা কৰিবলৈ পৰামর্শ দিয়ে৷

ইপিনে সাংবাদিকৰ আগত মন্ত্রী ড০ শর্মাই কয় যে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)ৰে শান্তি আলোচনাৰ বিষয়টো যোগাত্মক দিশেৰে আগবাঢ়িছে৷ এইকেইদিন আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ভাৰত ভ্রমণক লৈ কেন্দ্রীয় গৃহ মন্ত্রালয় ব্যস্ত আছিল৷ সেয়ে কেন্দ্রীয় গৃহমন্ত্রীৰ সৈতে বিষয়টো আলোচনা কৰিব পৰা হোৱা নাই৷ অচিৰেই নতুন দিল্লীলৈ গ’লে কেন্দ্রীয় গৃহমন্ত্রীৰে আলফা (স্বাধীন)ৰ আলোচনাৰ বিষয়টো আলোচনা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷

You might also like