নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচটনিমূলক বক্তব্যঃ মৃণাল শইকীয়াৰ বিৰুদ্ধে গর্জন যুৱ পৰিষদৰ

নিয়মীয়া বার্তা, ২৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক কেন্দ্র কৰি ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ সময়তে বৃহস্পতিবাৰে বিজেপিৰ এগৰাকী বিধায়কে কৰা উচটনিমূলক মন্তব্যই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহত অনুষ্ঠিত এক কর্মীসভাত অংশগ্রহণ কৰিবলৈ বুলি যোৱাৰ পিছতে বিধায়ক হাজৰিকাৰ বাসগৃহত অনুষ্ঠিত কর্মীসভাত ভাষণ প্রদান কৰি খুমটাইৰ বিজেপি বিধায়কগৰাকীৰ কেতবোৰ উচটনিমূলক বক্তব্য প্রদান কৰিছিল৷

বিজেপি কর্মীক উদ্দেশ্যি বিজেপি বিধায়ক মৃণাল শইকীয়াই কেতবোৰ উচটনিমূলক বক্তব্য প্রদান কৰাৰ পিছতে সৰৱ হৈছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে৷ সংবাদ মাধ্যমলৈ শনিবাৰে প্রেৰণ কৰা এক প্রেছ বিবৃতিৰ জৰিয়তে প্রতিক্রিয়া প্রকাশ কৰি কয় যে আইন যদি সকলোৰে বাবে সমান তেন্তে দলীয় কর্মীক উচটনি দিয়া বিধায়ক মৃণাল শইকীয়াক গ্রেপ্তাৰ কৰি মুখ্যমন্ত্রীয়ে সৎ সাহস দেখুৱাওক৷

তেওঁ লগতে কয় যে এনেধৰণৰ উচটনিমূলক বক্তব্য যদি এজন সাধাৰণ ব্যক্তিয়ে দিয়ে তেন্তে তেনে লোকক পুলিচ লগায় অপৰাধী সজায় যদি গ্রেপ্তাৰ কৰিব পাৰে তেন্তে এজন জনপ্রতিনিধি একে দোষত কিয় অপৰাধী হ’ব নোৱাৰে বুলি প্রশ্ণ কৰে৷ উচটনিমূলক বক্তব্য প্রদান কৰা বিধায়কগৰাকীক শীঘ্রে গ্রেপ্তাৰৰ দাবী জনাইছে নেতাগৰাকীয়ে৷ অন্যথা এইখন চৰকাৰৰ দিনত আইন যে সকলোৰে বাবে সমান নহয় তাকে প্রতীয়মান কৰিব বুলি উল্লেখ কৰে৷

উল্লেখ্য যে বিধায়ক মৃণাল শইকীয়াই দলীয় কর্মীসকলৰ আগত উল্লেখ কৰিছিল যে ‘আৰু বহি নাথাকিব, সহ্য বহুত কৰা হ’ল৷ এতিয়াৰ পৰা যদি কোনোবাই বিজেপি কর্মীৰ এটা ঘৰ জ্বলায়, তেন্তে আপোনালোকে দহটা ঘৰ জ্বলাব৷ যদি এজন বিজেপি কর্মীৰ গাত হাত দিয়ে তেন্তে আপোনালোকে ১০ জনৰ গাত হাত দিয়ক৷ আমাৰ মানুহ বেছি আছে, অসমবাসী আমাৰ লগত আছে৷ ১০–১২টা দুষৃকতিকাৰী, গুণ্ডাৰ ভয়ত ঘৰত সোমাই থাকিব নালাগে৷’

You might also like