নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎকোচ লোৱা দৃশ্য সামাজিক মাধ্যমত ভাইৰেলঃ বৰক্ষেত্ৰীৰ আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ

নিয়মীয়া বাৰ্তা,  ২২ অক্টোবৰ : ৰাজ্য চৰকাৰে দুৰ্নীতি আৰু অনিয়ম ৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে দুৰ্নীতিত লিপ্ত চৰকাৰী  বিষয়া কৰ্মচাৰীক হাতে লোটে ধৰি গ্ৰেপ্তাৰ কৰাৰ সময়তে কালি নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ এগৰাকী আৰক্ষী বিষয়াই বাল্য বিবাহৰ নামত উৎকোচ লোৱাৰ ভিডিঅ ভাইৰেল হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চৰ্চা লাভ কৰিছে।বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল বাৰেকে চৰকাৰে বাল্য বিবাহৰ নামত উৎকোচ লোৱাৰ ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অভিযোগ অনুসৰি গঞ্জৰ আলী আৰু কাচেম আলীৰ নিজৰ দুই নাবালক ছোৱালীৰ কেইদিনমান পূৰ্বে বিবাহ সম্পন্ন হৈছিল। পিছত এই বাল্য বিবাহৰ খবৰ শিয়ালমাৰী আৰক্ষীয়ে লাভ কৰাৰ পিছতেই বিবাহ সম্পন্ন কৰা পৰিয়ালৰ পিতৃ মাতৃ আৰু অভিভাৱক সকলক বিচাৰি ফুৰিছিল। আৰক্ষীয়ে অভিভাৱক সকলক বিচাৰি নাপায় আনকি চৰাঞ্চলৰ দালাল, মাতব্বৰ আদি কিছুমানকোন নিয়োগ কৰিছিল।  সেই মৰ্মে আৰক্ষী থানা খনত বিগত বহু দিন ধৰি দালালী কৰি থকা মীৰহুছেইন , খিতাপ আৰু আনচেৰ আলী নামৰ তিনিজন মাতব্বৰে বাল্য বিবাহ সংঘটিত হোৱা কিশোৰী দুগৰাকীৰ অভিভাৱকক লগত লৈ আৰক্ষী বিষয়া গৰাকীক মেনেজ কৰিবলৈ যায়। আৰক্ষী থানাখনত দিনে নিশাই টিঘিলঘিলাই থকা দালাল আৰু মাতব্বৰ কেইগৰাকীয়ে দুখনকৈ বাল্য বিবাহ সংঘটিত কৰা অভিভাৱক লগত লৈ তেওঁ লোকক আটক নকৰাৰ বাবে থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক নগদ ৮২ হাজাৰ টকা উৎকোচ হিচাপে জমা দিয়ে। আৰক্ষী বিষয়া গৰাকীয়ে ৮২ হাজাৰ টকা উৎকোচ লোৱা সেই ভিডিও সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই একপ্ৰকাৰ নলবাৰী আৰক্ষীৰ মাজত এক হাহাকাৰময় পৰিবৱেশৰ সৃষ্টি হয়। সামাজিক মাধ্যমত ভাইৰেল হোৱা এই দৃশ্য দেখি নলবাৰী জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে তাৎক্ষণিক ভাবে দুৰ্নীতি গ্ৰস্ত আৰক্ষী বিষয়া গৰাকীক ৰিজাৰ্ভ ক্ল’জ কৰে। ইপিনে স্থানীয় চৰাঞ্চলৰ লোকসকলে দীৰ্ঘদিন ধৰি চৰাঞ্চলৰ কিছু মাতব্বৰক লগত লৈ দুৰ্নীতিৰ বজাৰ চলাই অহা আব্দুল বাৰেক চৰকাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে উক্ত ঘটনাত জড়িত দালাল ৰূপী মাতব্বৰ কেইজনকো গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে।

 

প্ৰদীপ কুমাৰ কলিতা, মুকালমুৱা।

You might also like