আঞ্চলিক ৰাজনীতিৰ পীঠস্থান হিচাপে পৰিচিত নগাঁও জিলাত প্রধান আঞ্চলিক দল অগপৰ ভেটি উছন হোৱাৰ আশংকাই দেখা দিছে৷ অগপ নেতৃত্বৰ ভুলৰ বাবেই জিলাখনত এতিয়া অগপৰ বেলি মাৰ যোৱা অৱস্থা হৈছে৷ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত, প্রাক্তন মন্ত্রী গুণিন হাজৰিকা, দ্বিগেন চন্দ্র বৰা, গিৰীন্দ্র কুমাৰ বৰুৱা, উমেশ দাস, প্রাক্তন কেন্দ্রীয় ৰাজ্যিক মন্ত্রী মুহিৰাম শইকীয়াৰ দৰে শক্তিশালী নেতাই নগাঁও জিলাত এসময়ত অগপৰ ভেটি সুদৃঢ় কৰি তুলিছিল৷ ১৯৯৬ চনত জিলাখনৰ ৮টা বিধানসভা সমষ্টিৰ ভিতৰত ৬টা বিধানসভা সমষ্টিতে অগপ প্রার্থী জয়ী হৈছিল৷ এনে শক্তিশালী গণভিত্তি থকাৰ পিছতো অগপ দলৰ বর্তমানৰ নেতৃত্বৰ ভুলৰ বাবে জিলাখনত এতিয়া অগপৰ ভেটি দুর্বল হৈ পৰিছে৷ একমাত্র কলিয়াবৰ বিধানসভা সমষ্টিত অগপ দল শক্তিশালী যদিও বিগত পঞ্চায়ত নির্বাচনত সমষ্টিটো বিজেপিৰ হাতত বিধ্বস্ত হৈ পৰিছিল৷ বিশেষকৈ লবীকেন্দ্রিক ৰাজনীতি আৰু দুটা শিবিৰত বিভক্ত হোৱাৰ বাবেই আজি জিলাখনত অগপৰ ভেটি প্রায় নিশ্চিহ্ণ হৈ পৰিছে৷ উল্লেখ্য যে ১৮৮৫ চনত নগাঁও সদৰ সমষ্টিৰ পৰা অগপৰ প্রাক্তন সভাপতি প্রফুল্ল কুমাৰ মহন্ত নির্বাচিত হৈ মুখ্যমন্ত্রী হৈছিল৷ ১৯৯৬ চনৰ পৰা ২০১১ৰ নির্বাচনলৈকে ৪টা বিধানসভা নির্বাচনত নগাঁও সদৰ সমষ্টিৰ পৰা একেৰাহে অগপৰ গিৰীন্দ্র কুমাৰ বৰুৱা নির্বাচিত হৈছিল৷ সমষ্টিটোত অগপ দলৰ শক্তিশালী গণ ভিত্তি থকাৰ পিছতো ২০১৬ চনৰ নির্বাচনত মিত্রতাৰ সূত্রে অগপ নেতৃত্বই বিজেপিক এৰি দিয়াৰ পিছৰে পৰা সমষ্টিটোত অগপৰ ভেটিত খহনীয়াৰ সৃষ্টি হৈছে৷ অগপৰ নগাঁও জিলা সমিতিৰ কার্যালয়ত এতিয়া নিমাওমাও পৰিৱেশ৷ দুই–চাৰিজন নেতা–কর্মীৰ উপস্থিতিৰ বাহিৰে কার্যালয়টোলৈ নেতা–কর্মীৰ আগমন নহয় বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷ একেদৰে ১৯৮৫ চনৰ পৰা ২০১৬ চনৰ নির্বাচনলৈকে মুঠ ৭টা বিধানসভা নির্বাচনত অগপ প্রার্থীয়ে ৭বাৰকৈ নির্বাচিত হৈছিল৷ ১৯৮৫ চনত অগপৰ গিৰীন্দ্র কুমাৰ বৰুৱা নির্বাচিত হোৱাৰ পিছত ১৯৯১ চনৰ পৰা একেৰাহে বর্তমানলৈকে ৩০ বছৰ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই এই সমষ্টিত প্রতিনিধিত্ব কৰি আহিছে৷ মহন্তৰ নেতৃত্বত সমষ্টিটোত অগপৰ এক শক্তিশালী গণ ভিত্তি গঢ়ি উঠিছে৷ সমষ্টিটো সমাগত বিধানসভা নির্বাচনত মিত্রতাৰ সূত্রে বিজেপিক এৰি দিয়াত স্বাভাৱিকতে অগপ নেতা–কর্মীসকল ক্ষুণ্ণ হৈ পৰিছে৷ অৱশ্যে অগপৰ কোনো স্থানীয় নেতা–কর্মীয়ে এই সম্পর্কে মুখ খোলা নাই৷ এনেদৰেই এইবাৰৰ নির্বাচনৰ পিছত সমষ্টিটোত অগপৰ স্থিতি অতি দুর্বল হৈ পৰিব বুলি দলীয় নেতা–কর্মীসকলে মত প্রকাশ কৰিছে৷ ইপিনে, বিগত ৫টা বছৰত নগাঁও জিলাত স্থানীয় অগপ নেতা–কর্মীসকলে চৰকাৰৰ পৰা বিশেষ সুবিধা লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ অগপৰ শীর্ষ নেতাসকলে তৃণমূল পর্যায়ৰ কর্মীক গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷ ফলত নেতৃত্ব ভুলৰ পৰিমাণ ভুগিব লগা হৈছে তৃণমূল কর্মীয়ে৷ ৰহা সমষ্টি এইবাৰ বিজেপিয়ে অগপক এৰি দিছে যদিও সমষ্টিটোত দলটোৰ সাংগঠনিক ভেটি শক্তিশালী নহয়, বিজেপিৰ বোকোচাত উঠিহে এজিপিয়ে ৰহা সমষ্টি দখলৰ চেষ্টা অব্যাহত ৰাখিছে৷ জিলাখনত অগপৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবৰ বাবে অগপ নেতৃত্বই কি পদক্ষেপ গ্রহণ কৰিব সেয়া লক্ষণীয় হ’ব৷