নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওৰাঙত বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত; থিতাতে নিহত ৮ জন

গেলাবিলৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা

ওৰাং, ২০ নৱেম্বৰঃ ওৰাঙৰ গেলাবিলত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা প্ৰায় ২.৩০ বজাত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা। ৰৈ থকা ট্ৰাকত খুন্দা বিবাহযাত্ৰী কঢ়িয়াই নিয়া এখন আৰ্টিকা বাহনৰ। দুৰ্ঘটনাত থিতাতে নিহত ৮ জনকৈ লোক। উল্লেখ্য যে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ অভিমুখী আছিল বাহনখন। বিবাহকাৰ্য সম্পন্ন কৰি ঘৰলৈ ওভটাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাতো। ইপিনে বহু সময়ৰ চেষ্টাৰ অন্তত স্থানীয় ৰাইজে উদ্ধাৰ কৰে মৃতদেহকেইটা। এই ভয়ংকৰ দুৰ্ঘটনাটোত নিহত ক্ৰমেঃ দিগন্ত শইকীয়া, ৰিংকু শইকীয়া, ৰঞ্জিত ডেকা, নাৰায়ন দাস, পৰিমা কুৰি, পাৰ্থ কুৰি, মনোৰঞ্জন শৰ্মা, পিংকু বৰা, কমল দেৱনাথ আৰু সুশীল কুৰি। বৰ্তমান ওৰাং থানাত ৰখা হৈছে মৃতদেহকেইটা। দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে পৰিয়ালৰ লোক। আনহাতে গাড়ীখনৰ চালক নিহত দিগন্ত শইকীয়া আছিল বুলি জানিব পৰা গৈছে ।