নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ ৬ গাড্ডাৰ বিধায়কৰ তালিকা লৈ দিল্লীলৈ ভূপেন বৰাঃ আজি সাক্ষাৎ কৰিব দলৰ শীর্ষ নেতৃত্বক

নিয়মীয়া বাৰ্তা, ২৭জুলাই : সদ্যসমাপ্ত ৰাষ্ট্রপতি নির্বাচনত এনডিএৰ প্রার্থী দ্রৌপদী মুর্মুক ভোটদান কৰা কংগ্রেছৰ ছয় গাড্ডাৰ বিধায়কৰ তালিকা লৈ মঙলবাৰে বিয়লি দিল্লীলৈ উৰা মাৰে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা৷ আজি তেওঁ দিল্লীত কংগ্রেছৰ শীর্ষ নেতৃত্বক এই তালিকা দাখিল কৰাৰ লগতে ৰাষ্ট্রপতি নির্বাচনত হোৱা ক্রছ ভোটিং সম্পর্কত প্রতিবেদন দাখিল কৰিব৷ এই সম্পর্কত কালি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কয় যে যিসকলে দলক প্রতাৰণা কৰিছে, তেওঁলোকে কর্মফল ভুগিব৷ কর্মফল ভোগাৰ দিনটো তেওঁ নিশ্চিতভাৱে ক’ব নোৱাৰে, কিন্তু কর্মফল ভোগাটো নিশ্চিত৷ আজি তেওঁ এই বিষয়ে দলৰ শীর্ষ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ’ব৷ তেওঁ আৰু জানিবলৈ দিয়া মতে হাইকমাণ্ডে তেওঁৰ লগতে কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইন আৰু প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি ৰাণা গোস্বামীকো আজি দিল্লীলৈ তলব কৰিছে৷ তিনিওগৰাকীৰ পৰা কংগ্রেছৰ শীর্ষ নেতৃত্বই সুকীয়া সুকীয়াকৈ মতামত গ্রহণ কৰিব বুলি তেওঁ প্রকাশ কৰে৷

ইপিনে, ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে সদ্যসমাপ্ত ৰাষ্ট্রপতি নির্বাচনত কংগ্রেছৰ কমেও ১৬ৰ পৰা ১৭গৰাকী বিধায়কে দ্রৌপদী মুর্মুক ভোট দিছে৷ কিন্তু কংগ্রেছে অখিল গগৈ, মনোৰঞ্জন তালুকদাৰ আৰু এ আই ইউ ডি এফৰ সকলোৱে দ্রৌপদী মুর্মুক ভোট দিছে বুলি মনেসজা হিচাপ এটা কৰি কংগ্রেছৰ ৪–৫জনেহে বিজেপিক ভোট দিছে বুলি পৰিৱেশটো ধুঁৱলী–কুঁৱলী কৰিব বিচাৰিছে৷ আচলতে তেওঁলোকে নিজৰ দোষটো লুকুৱাব বিচাৰিছে৷ কাৰণ এই মুহূর্তত ভূপেন বৰা, দেৱব্রত শইকীয়াৰ নেতৃত্বৰ প্রতি প্রশ্ন উঠিছে, ভাবুকি আহিছে৷ ভূপেন বৰাই কেনেকৈ এদিনৰ ভিতৰতে কংগ্রেছৰ কিমানজনে বিজেপিক ভোট দিলে, সেয়া নিশ্চিত কৰিলে সেই সম্পর্কত প্রশ্ন কৰি মন্ত্রী হাজৰিকাই কয় যে তদন্তকাৰী সংস্থা চি বি আই, এন আই এও এদিনতে তদন্ত কৰি উত্তৰ দিব নোৱাৰে৷ কিন্তু ভূপেন বৰাই ৰাষ্ট্রপতি নির্বাচনৰ ফলাফল প্রকাশৰ পিছদিনাই কংগ্রেছৰ কিমানজনে বিজেপিক ভোট দিলে, সেয়া প্রকাশ কৰিলে৷ এতিয়া ভূপেন বৰা চি বি আই, এন আই এতকৈ ওপৰত হৈ গ’ল বুলি কটাক্ষ কৰে৷ এই প্রসংগতে তেওঁ কংগ্রেছে চৰকাৰৰ পৰা লাই ডিটেক্টৰ বিচাৰিলে তেওঁ ভাল পাব বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে৷

ইফালে, প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ দিল্লী যাত্রাক নাটক আখ্যা দিছে নিলম্বিত কংগ্রেছ বিধায়ক শ্বেৰমান আলী আহমেদে৷ বিধায়ক আহমেদে সংবাদ মাধ্যমৰ আগত কয় যে ভূপেন বৰাৰ এই দিল্লী যাত্রাৰ পৰা একো নহয়৷ ভূপেন বৰাক বিজেপিৰ এজেণ্ট আখ্যা দি বিধায়ক আহমেদে আৰু কয় যে কংগ্রেছ বিধায়িনী দলৰ যেতিয়া বৈঠক চলে, বৈঠক শেষ হোৱাৰ পূর্বেই মুখ্যমন্ত্রীক সকলো লাইভ শুনোৱা হয়৷ এই কথা ভূপেন বৰা, দেৱব্রত শইকীয়াও জানে৷ ৰাষ্ট্রপতি নির্বাচনৰ কংগ্রেছৰ ৬গৰাকী নহয় আৰু বহু বিধায়কে বিজেপিৰ প্রার্থীগৰাকীক ভোট দিয়াৰ কথা উল্লেখ কৰি বিধায়ক আহমেদে ভূপেন বৰাই কেনেকৈ ছয়জন চিনাক্ত কৰিলে, সেই সম্পর্কতো প্রশ্ণ উত্থাপন কৰে৷ আহমেদৰ মতে কংগ্রেছৰ বহু ডাঙৰ ডাঙৰ বিধায়ক বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছে৷ ইপিনে, কংগ্রেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে গাড্ডাৰ বিধায়কসকলক কঠোৰ শাস্তি বিহাৰ পোষকতা কৰে৷ একেই মন্তব্য বিধায়ক জাকিৰ হুছেইন শিকদাৰৰো৷

You might also like