নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাভলীনাৰ প্রশিক্ষকক ভিলেজত প্রৱেশৰ অনুমতিঃ চৰকাৰী হস্তক্ষেপ–খেলুৱৈৰ প্রতিবাদৰ পৰিণতি

নিয়মীয়া বাৰ্তা, ২৭জুলাই :  তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইৰ প্রশিক্ষকক গেমছ ভিলেজত প্রৱেশৰ অনুমতি প্রদান কৰা হ’ল৷ কালি সামাজিক মাধ্যমত লাভলীনাই প্রতিবাদ জনোৱাৰ পাছত আজি অনুমতি লাভ কৰিলে তেওঁৰ প্রশিক্ষক সন্ধ্যা গুৰুঙে৷ বার্মিংহামত কমনৱেলথ গেমছ খেলিবলৈ নামিব লাভলীনা৷ টকি’ অলিম্পিকৰ ব্রঞ্জৰ পদক বিজয়ী বক্সাৰগৰাকীয়ে কমনৱেলথ গেমছত তেওঁৰ ব্যক্তিগত প্রশিক্ষকক লগত নিব বিচাৰিছিল৷ কিন্তু সেয়া সম্ভৱ নোহোৱাত প্রতিবাদ জনায় লাভলীনাই৷ ফলত আজি ইয়াৰ সুফল লাভ কৰিলে তেওঁ৷ সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত সন্ধ্যাই কয়– ‘অনুমতি লাভ কৰিছোঁ৷ আজি গেমছ ভিলেজত প্রৱেশ কৰিম৷’

উল্লেখ্য যে কালি অনুমতি নোপোৱা বাবে তেওঁ ভিলেজৰ বাহিৰত এখন হোটেলত আছিল৷ ভাৰতীয় ক্রীড়া মন্ত্রালয়ৰ তৰফৰ পৰাও লাভলীনাৰ প্রশিক্ষকক প্রৱেশৰ অনুমতি দিবৰ বাবে অলিম্পিক সন্থাক আবেদন জনোৱা হৈছিল৷ ইয়াৰ বাবে সন্ধ্যাই ক্রীড়া মন্ত্রালয়ক ধন্যবাদো জনাইছে৷ উল্লেখ্য যে কালি এক টুইটাৰযোগে লাভলীনাই বক্সিং ফেডাৰেচনৰ বিপক্ষে বৃহৎ অভিযোগ উত্থাপন কৰি কৈছিল যে তেওঁৰ ওপৰত মানসিক নির্যাতন চলোৱা হৈছে৷ বাৰে বাৰে প্রশিক্ষক সলনি কৰি তেওঁৰ প্রস্তুতিত বাধাৰ সৃষ্টি কৰাৰ লগতে কমনৱেলথ গেমছ ভিলেজত প্রশিক্ষক প্রৱেশ কৰিব দিয়া হোৱা নাছিল বুলিও তেওঁ অভিযোগ কৰিছিল৷ লাভলীনাৰ এই অভিযোগে ভাৰতীয় ক্রীড়া ক্ষেত্রত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷

অৱশ্যে অসম কন্যা লাভলীনাই দীঘলীয়া টুইটযোগে কৰা অন্য অভিযোগসমূহ আওকাণ কৰিলে ভাৰতীয় অলিম্পিক সন্থা, ভাৰতীয় বক্সিং ফেডাৰেচন আৰু কেন্দ্রীয় ক্রীড়া মন্ত্রালয়ে৷ লাভলীনাই অভিযোগ উত্থাপন কৰিছিল যে কমনৱেলথ গেমছৰ প্রস্তুতিৰ সময়ত তেওঁৰ প্রশিক্ষকসকলক বাৰে বাৰে সলনি কৰা হৈছিল৷ তদুপৰি হাজাৰবাৰ অনুৰোধ কৰাৰ পাছতহে তেওঁৰ পছন্দৰ প্রশিক্ষকক শেষ মুহূর্তত প্রশিক্ষণৰ বাবে অন্তর্ভুক্ত কৰা হৈছিল৷ ফেডাৰেচনৰ এনে কার্যৰ বাবে তেওঁ তীব্র মানসিক অন্তঃদ্বন্দ্বত ভুগিবলগা হৈছিল৷ যাৰ বাবে আসন্ন কমনৱেলথ গেমছৰ প্রস্তুতিৰ ক্ষেত্রত প্রবল বাধাৰ সন্মুখীন হ’বলগা হৈছিল৷ সদ্যসমাপ্ত বিশ্ব বক্সিং চেম্পিনয়শ্বিপতো এনে অৱস্থা অব্যাহত থকা বাবেই প্রতিযোগিতাখনত তেওঁ প্রি–কোৱার্টাৰ ফাইনেলৰ পৰাই বিদায় ল’বলগীয়া হোৱা বুলি অভিযোগ কৰিছিল৷

ইয়াৰ বিপৰীতে কিছুদিন পূর্বে ভাৰতীয় মহিলা যুৱ ফুটবল দলৰ এগৰাকী সদস্যাৰ ওপৰত যৌন নির্যাতন চলোৱাৰ অভিযোগত প্রশিক্ষকগৰাকীক লগে লগে নির্বাসিত কৰা হৈছিল৷ তদুপৰি মহিলা চাইক্লিং আৰু জিমনাষ্টিক্ছ খেলুৱৈৰ ওপৰত চলোৱা নির্যাতনৰ অভিযোগত আন দুগৰাকী প্রশিক্ষককো তৎকালীনভাৱে নির্বাসনৰ শাস্তি দিয়া হয়৷ কিন্তু লাভলীনাই উত্থাপন কৰা অভিযোগসমূহ সংশ্লিষ্ট কোনো এটা বিভাগে গুৰুত্বসহকাৰে বিবেচনা নকৰাটো বিশেষভাৱে তাৎপর্যপূর্ণ৷ বিশেষকৈ অসমৰ এগৰাকী বিশিষ্ট ক্রীড়া সংগঠক হেমন্ত কলিতা ভাৰতীয় বক্সিং ফেডাৰেচনৰ সম্পাদকৰ নিচিনা গুৰু দায়িত্বত থকাৰ পাছতো অসমৰ এগৰাকী তাৰকা বক্সাৰৰ ওপৰত কিদৰে মানসিক নির্যাতন অব্যাহত আছে সেয়াও বিচার্যৰ বিষয়৷ লাভলীনাৰ বিস্ফোৰক অভিযোগৰ পাছত সংশ্লিষ্ট কর্তৃপক্ষৰ চকু মেল খাব বুলি ভবা হৈছিল যদিও এই অভিযোগবোৰ বিবেচনা কৰা নহ’ল৷ ফলত পৰৱর্তী সময়তো লাভলীনাৰ ওপৰত কর্তৃপক্ষই কুটিল ক্রীড়া ৰাজনীতিৰে মানসিক শাস্তি চলাই যাবলৈ উৎসাহ পাব বুলি ৰাজ্যৰ ক্রীড়া বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ এইক্ষেত্রত কেন্দ্রীয় ক্রীড়া মন্ত্রালয়ে বিষয়টোত হস্তক্ষেপ কৰিব বুলি আশা কৰা হৈছে৷

You might also like