নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ককলাবাৰীত লতামাকৰিৰ পোৱালি উদ্ধাৰ

নিয়মীয়া বার্তা, ৩১ মে’: মানাহ ৰাষ্ট্রীয় উদ্যানক সততে সুৰক্ষাৰ কামত নিয়োজিত হৈ থকা স্বেচ্ছাসেৱী সংগঠন মানাহ মাউজী গেন্দ্রী ইক’–টুৰিজিম ছ’চাইটীয়ে কালি কোকৰাঝাৰ বন্যপ্রাণী উদ্ধাৰ কেন্দ্রলৈ এটি লতামাকৰিৰ পোৱালি হস্তান্তৰ কৰে৷

উল্লেখ্য যে মানাহ ৰাষ্ট্রীয় উদ্যানৰ দাঁতিকাষৰীয়া ২নং ককলাবাৰী গাঁৱৰ দাব্লা বসুমতাৰীয়ে জংগলত এটি লতামাকৰিৰ পোৱালি পাই নিজ গৃহলৈ আনিছিল৷ পিছত মানাহ মাউজী গেন্দ্রী ইক’–টুৰিজিম ছ’চাইটী নামৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলে গম পাই দাব্লা বসুমতাৰীৰ ঘৰৰ পৰা পোৱালিটো উদ্ধাৰ কৰি আনে৷ লকডাউন চলি থকা সময়তে লতামাকৰিৰ পোৱালিটো উদ্ধাৰ হৈছিল বাবে ৰাষ্ট্রীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জে চমজি নলোৱাত স্বেচ্ছাসেৱী সংগঠনটোৱে কোকৰাঝাৰ বন্যপ্রাণী উদ্ধাৰ কেন্দ্রত খবৰ দিয়ে৷

কোকৰাঝাৰ বন্যপ্রাণী উদ্ধাৰ কেন্দ্রৰ পৰা ডাঃ দাওহাৰী বডোৰ নেতৃত্বত এটা উদ্ধাৰকাৰী দল আহি কালি মানাহ মাউজী গেন্দ্রী ইক’–টুৰিজিম ছ’চাইটী নামৰ সংগঠনটোৰ কামাদৈছাস্থিত কার্যালয়ত উপস্থিত হয় আৰু সংগঠনটোৰ সম্পাদক ৰুস্তম বসুমতাৰীৰ পৰা পোৱালিটো চমজি লয়৷ পিছত পোৱালিটো কোকৰাঝাৰ বন্যপ্রাণী উদ্ধাৰ কেন্দ্রলৈ লৈ যায়৷

You might also like