কটন বিশ্ববিদ্যালয়ৰ প্ৰানীবিজ্ঞান বিভাগৰ গৱেষিকা ছাত্ৰী কংকনা মেধিৰ পঞ্চম খন গ্ৰন্থ উন্মোচন
ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ত নবীন লেখিকা গৰাকীৰ"জীৱ প্ৰজনন বিজ্ঞান" উন্মোচন
নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ কটন বিশ্ববিদ্যালয়ৰ প্ৰানীবিজ্ঞান বিভাগৰ গৱেষিকা ছাত্ৰী, নগাঁও মহাবিদ্যালয়ৰ প্ৰানী বিজ্ঞান বিভাগৰ প্ৰাক্তন অংশকালীন প্ৰবক্তা তথা নবীন লেখিকা কংকনা মেধিৰ জীৱ প্ৰজনন বিজ্ঞান নামৰ প্ৰাণী বিজ্ঞান বিষয়ৰ এখন সহায়ক পাঠ্যপুঠি নগাঁও ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়।নগাঁও মহাবিদ্যালয়ৰ প্ৰানী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিপুল কটকীয়ে গ্ৰন্থ খন উন্মোচন কৰি কয় যে এই গ্ৰন্থ খনৰ দ্বাৰা প্ৰানীবিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰী সকল যথেষ্ট উপকৃত হব পাৰিব।গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ নতুন পাঠ্যক্ৰম ৰ আধাৰত অসমীয়া ভাষাত লিখি উলিওৱা প্ৰানীবিজ্ঞান বিষয়ৰ এই পুথি খনে বিশেষ কৈ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীয়ে সহজে বুজি পোৱাকৈ লেখিকা গৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্নিবিষ্ট কৰা বুলি উন্মোচক গৰাকীয়ে নিজৰ ভাষনত উল্লেখ কৰে।উন্মোচনী সভা খনত উপস্থিত থাকি ভাষন প্ৰদান কৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰানী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা বিভা গোস্বামী, কবি তথা শিক্ষক ৰাজিব চহৰীয়া,সাংবাদিক নজৰুল ইছলামে।
ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা সংগীতা বৰা ,মমী দেবী শৰ্মাকে ধৰি মহাবিদ্যালয়ৰ দুই শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থকা উন্মোচনী সভা খনত আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু সমবেত সংগীত পৰিবেশন কৰা হয়।মহাবিদ্যালয় খনৰ অধ্যক্ষ দিলীপ বৰাই উন্মোচনী সভা খনৰ আত ধৰে।উল্লেখযোগ্য যে কংকনা মেধিৰ জীৱ প্ৰজনন বিজ্ঞান পঞ্চম খন প্ৰকাশিত গ্ৰন্থ। ইয়াৰ পূৰ্বে নবম শ্ৰেণীত অধ্যয়ন কৰি থকা সময়তে শব্দহীন নূপুৰ নামৰ এখন উপন্যাস লিখি আত্মপ্ৰকাশ কৰিছিল সাহিত্য জগতত।তাৰ পিছত কবিতা পুথি প্ৰকাশ কৰে।স্নাতকোত্তৰ পাঠ্যক্ৰম শেষ নৌহওঁতেই আকাশৰ শেষ কত নামৰ আন এখন উপন্যাস প্ৰকাশ কৰি পাঠক সমাজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে।আজিৰ অনুষ্ঠানত কংকনাৰ শিক্ষক পিতৃ দীপক কুমাৰ মেধি আৰু মাতৃ জবা মেধিও উপস্থিত থাকে।