নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চ ন্যায়ালয়ত স্থানীয় ভাষাতো হ’ব লাগে শুনানিঃ প্ৰধানমন্ত্ৰীৰ সন্মুখত ক’লে CJIয়ে

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ নতুন দিল্লীৰ বিজ্ঞান ভৱনত মুখ্যমন্ত্ৰী আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলৰ যুটীয়া সন্মিলনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন.ভি. ৰমানাই আজি উচ্চ ন্যায়ালয়ত ইংৰাজীৰ উপৰিও স্থানীয় ভাষাত শুনানিৰ বাবে গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে স্থানীয় ভাষাত উচ্চ ন্যায়ালয়ত শুনানি হ’ব লাগে, যাতে ন্যায় সাধাৰণ ৰাইজৰ ওচৰলৈ যায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মুখ্য ন্যায়াধীশ এন.ভি. ৰমানাৰ দাবীক সমৰ্থন কৰি কয়- “সামাজিক ন্যায়ৰ বাবে ভাষাও এক বাধা। আমাৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ত ইংৰাজীত প্ৰক্ৰিয়া চলি আছে। এতিয়া আদালতত স্থানীয় ভাষাৰ প্ৰচাৰৰ প্ৰয়োজন আছে। এই ব্যৱস্থাই ন্যায়ৰ ওপৰত সাধাৰণ নাগৰিকৰ আস্থা বৃদ্ধি কৰিব।”

চিজেআইয়ে অমীমাংসিত গোচৰৰ বিষয়টো উত্থাপন কৰি কয় যে চৰকাৰ হৈছে আটাইতকৈ ডাঙৰ মোকৰ্দমাকাৰী। বহুসময়ত, চৰকাৰে ইচ্ছাকৃতভাৱে গোচৰবোৰ দীঘলীয়া কৰে। নীতি প্ৰস্তুত কৰাটো আমাৰ কাম নহয় কিন্তু যদি এজন নাগৰিকে এই বিষয়বোৰ লৈ ন্যায়ালয়লৈ আহে, তেতিয়া আমি ইয়াৰ উত্তৰ দিব লগাত পৰে।

You might also like