কঠীয়াতলীত শাক পাচলিৰ ঊৰ্ধ্বমুখী মূল্যই গ্ৰাহকৰ মাজত লগাইছে হাহাকাৰ
নিয়মীয়া বাৰ্তা, ১ জুনঃ যমুনামুখ, কামপুৰ, কঠীয়াতলী, ৰাঙলু অঞ্চলৰ লগতে বহু ঠাইত বানে বিভিষিকাময় পৰিস্থিতি সৃষ্টি কৰি ঘৰ-বাৰী, বড়ো ধানৰ লগতে শাকপাচলি খেতি সমূহ সম্পূৰ্ণৰূপে ধংস কৰাত পাচলিৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বানাক্ৰান্ত লোক সকলে। বানপানী কমিল আৰু একাংশ ৰাইজে শিৱিৰ এৰি নিজ ঘৰলৈ গৈছে যদিও একাংশ পৰিয়াল এতিয়াও আশ্ৰয় শিবিৰতে থাকিব লগা হৈছে। এই সময়ত চৰকাৰ আৰু সংগঠন সমূহে দিয়া চাউল, দাইল আৰু আলুকেইটামানৰ বাদে শাকপাচলিৰ মুখ দেখিবলৈ পোৱা নাই। অঞ্চলটোৰ অতি কম ঠাইতহে পাচলি আছে তাকে মধ্যভোগীৰ হাতত পৰাত তাৰ দামো আকাশলংঘী হৈ পৰিছে।
কঠীয়াতলী ৰাঙলু অঞ্চল পূৰ্বতে শাকপাচলিৰ ভৰাল বুলি কব পাৰি এই অঞ্চলৰ পৰি দৈনিক গুৱাহাটী, চিলং, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া আদি জিলালৈ সৰবৰাহ কৰা হয়। কিন্তু আজি বানৰ বিভিষিকাই খেতিয়ক সকলৰ সৰ্বস্ব বিনাস কৰাত পাচলিৰ বজাৰত এনে দৰে জুই ছাঁই দাম হৈছে বুলি বিক্ৰীদাৰ সকলে কৈছে। আজি কঠীয়াতলী সপ্তাহিক বজাৰত কম সংখ্যক বেপাৰীয়েহে শাকপাচলি বিক্ৰী কৰা পৰিলক্ষিত হল। আজিৰ বজাৰত ভেন্দি ৬০ টকা, তিয়ঁহ ৪০, কাকিয়ল ৬০, তৰৈ ৪০, বড়ি ৪০, জিকা ৬০, বিলাহী ৭০, জলকীয়া ৭০, বেঙেনা ৪০, ৰঙা লাও ৩০ টকা হৈছে অৱশ্যে আলু আৰু পিয়াঁজৰ আগৰ দৰে ২০/২৫ টকাৰ ভিতৰতে আছে। অসম চৰকাৰে ফচল বীমা আঁচনিৰ জৰিয়তে এই অঞ্চলৰ ক্ষতিগ্ৰস্ত কৃষক সকলক সামৰি নললে পৰবৰ্তী সময়ত শাকপাচলিৰ ছবি চাই ভাত খাব লাগিব বুলি একাংশ লোক মত প্ৰকাশ কৰিছে।