নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীন দয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনা আঁচনিত অনিয়মঃ চেঙাৰ  লক্ষীপুৰ চৰত নিম্মমানৰ চলাৰ যোগানৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ,১জুন,বৰপেটা জিলাৰ চেঙা বিধান সভা সমষ্টিৰ অন্তৰ্গত লক্ষীপুৰ চৰত কেন্দ্ৰীয় চৰকাৰৰ দীন দয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা” আঁচনিৰ নামত নিম্মমানৰ  ছলাৰ যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছে। অসম বিদ্যুৎ বিভাগে পৰিচালনা কৰা এই আঁচনিৰ নামত বিভাগটোৱে নিয়োজিত ঠিকাদাৰ সকলে ব্যপক অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ 
ৰাজ্যৰ চৰ অঞ্চল আৰু পাহাৰীয়া এলেকাত দীন দয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনাৰ দ্বাৰা ছলাৰ লাইট বিতৰণ ৰাইজৰ বিদ্যুতৰ সমস্যা দুৰ কৰাৰ চেষ্টা চলাই থকাৰ সময়তেই ৷ পোহৰলৈ আহিছে ঠিকাদাৰে নিম্নমানৰ ছলাৰ আৰু বেটাৰী যোগানৰ ভয়ংকৰ তথ্য ৷জানিব পৰা মতে ব্যৱহাৰৰ পুৰ্বেই বিস্ফোৰন ঘটে ছলাৰৰ বেটাৰী ৷তীব্ৰ ভয় আৰু শংকাত ভূগিবলগা হৈছে ছলাৰ প্ৰাপ্ত হিতাধিকাৰীসকলে ৷
বিশেষকৈ ছয়গাঁও, পলাশবাৰী আৰু চেঙা সমষ্টিৰ চৰাঞ্চলত ঠিকাদাৰে যোগান ধৰা ছলাৰ, বেটাৰী আৰু বাল্ব সমূহ একেবাৰে নিন্মমানৰ বুলি অভিযোগ উত্থাপন হৈছে।ছলাৰ পোৱৰ এপ্তাহ পাৰ নৌহওতেই এনেদৰে বিস্ফোৰণ ঘটিছে বেটাৰী সমূহ ৷ বাল্ব সমূহ লগোৱাৰ লগে লগেই হৈ পৰিছে বিকল।অতিশীঘ্ৰেই ৰাজ্য চৰকাৰে ছলাৰ বিতৰণৰ দায়িত্বত থকা সন্থা নাইবা ঠিকাদাৰৰ বিৰুদ্ধে এক উচ্চস্তৰীয় চদন্তৰ দাবী তুলিছে চেঙা সমষ্টিৰ লক্ষীপুৰ চৰাঞ্চলৰ ৰাইজে ৷
You might also like