নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলংপাৰৰ পাছত এইবাৰ ওদালবাক্রাত অপকর্মঃ গুৱাহাটীত ব্রইলাৰ মাংসৰ দোকানত বিক্রী গো–মাংস

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ মহানগৰীৰ একাংশ ব্রইলাৰ মাংসৰ দোকানত গোপনে গো–মাংস বিক্রী কৰাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ এটা বিশেষ সম্প্রদায়ৰ লোকে মহানগৰীৰ বিভিন্ন স্থানত ব্রইলাৰ মাংসৰ দোকানত অবৈধভাৱে গো–মাংস বিক্রী কৰি আন ধর্মৰ লোকৰ ধর্মীয অনুভূতিত বজ্রাঘাত কৰিছে৷ কালি কলংপাৰ বজাৰত গো–মাংস বিক্রী কৰা এখন ব্রইলাৰ মাংসৰ দোকান উত্তেজিত ৰাইজে লণ্ডভণ্ড কৰাৰ পাছত এইবাৰ ফটাশিল আমবাৰী থানাৰ অন্তর্গত ওদালবাক্রাৰ এখন মুর্গীৰ মাংসৰ দোকানত গোপনে গো–মাংস বিক্রী কৰাৰ তথ্য পোহৰলৈ আহিছে৷

প্রাপ্ত তথ্য অনুসৰি কালি বিয়লি ওদালবাক্রাৰ অংকুৰ হোটেলৰ সমীপৰ এখন ব্রইলাৰ মাংসৰ দোকানত এজন গ্রাহকে মাংস ক্রয় কৰিবলৈ গৈ ক’লা প্লাষ্টিকৰ এটা টোপোলা প্রত্যক্ষ কৰে৷ পাছত গ্রাহকজনৰ সন্দেহ হোৱাত মাংস ব্যৱসায়ীজনক সোধা–পোছা কৰাত ব্যৱসায়ী নাছিৰ উদ্দিনে দোকান এৰি পলায়নৰ চেষ্টা কৰে৷ পাছত স্থানীয় একাংশ উত্তেজিত লোকে ব্যৱসায়ী নাছিৰক আটক কৰি আৰক্ষীক খবৰ দিয়ে৷ ফটাশিল আমবাৰী থানাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ ঘটনা সন্দর্ভত প্রাণ বল্লভ নামৰ এজন লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত ফটাশিল থানাৰ আৰক্ষীয়ে ৪৪৪/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি অভিযুক্ত মাংস ব্যৱসায়ী নাছিৰক গ্রেপ্তাৰ কৰে৷

পাছত কামৰূপ (মহানগৰ) জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ ব্রইলাৰ মুর্গীৰ ব্যৱসায়ীজনৰ ঘৰ বৰপেটা জিলাৰ কলগাছিয়াত আৰু তেওঁ দীর্ঘদিন ধৰি ওদালবাক্রাত একেখন দাৰে মুর্গী আৰু গো–মাংস কাটি বিক্রী কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷ অৱশ্যে ব্যৱসায়ী নাছিৰে মাংসখিনি ধীৰেনপাৰাৰ পৰা নিজ পৰিয়ালৰ বাবে ক্রয় কৰি আনি দোকানত ৰখা বুলি দাবী কৰিছে৷ মুর্গীৰ মাংসৰ দোকানত গো–মাংস বিক্রী কৰাৰ কথা তেওঁ অস্বীকাৰ কৰিছে৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত তদন্ত অব্যাহত ৰাখিছে৷

You might also like