নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ মহাজোঁট নহয় মোগল জোঁটহে

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ ২০২১ চনৰ বিধানসভা নির্বাচনলৈ দিন চমু চাপি অহাৰ সময়তে ৰাজনৈতিক বাক–বিতণ্ডাই তীব্র ৰূপ লৈছে৷ শেহতীয়াকৈ গঠন হোৱা কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক লৈ  পুনৰ সৰৱ হৈ পৰিল ৰাজ্যিক বিজেপি৷

 হেঙেৰাবাৰীস্থিত দলৰ মুখ্য কার্যালয়ত এখন সংবাদ মেলত দলটোৰ মুখ্য মুখপাত্র ৰূপম গোস্বামীয়ে কয় যে কংগ্রেছ পুনৰ ক্ষমতালৈ আহিলে সমাজখন থানবান হোৱাৰ লগতে কেলেংকাৰিয়ে মূৰ দাঙি উঠিব৷ অসম আন্দোলনৰ বিৰোধিতা কৰা, ৮৫৫জন পাহোৱাল ডেকাক হত্যা কৰা কংগ্রেছে, ১৯৬২ চনৰ ভাৰত আক্রমণৰ সময়ত চীনক সমর্থন কৰা চি পি আই, চি পি এম আৰু আই এম ডি টি আইন বাতিলৰ বিৰোধিতা কৰা এ আই ইউ ডি এফৰ লগত গঠন কৰা মহাজোঁটে কাহানিও অসমৰ খিলঞ্জীয়াৰ বাবে মাত নামাতে৷

দৰাচলতে এই জোঁটবন্ধন হৈছে মোগল জোঁট৷ যিদৰে পূর্বৰ মোগল সেনাপতি আছিল ৰামসিংহ, একেদৰে বর্তমানৰ মোগল জোঁটৰ সেনাপতি হিচাপে অৱতীর্ণ হৈছে অজিত ভূঞা৷ অসমৰ ৰাইজে সাংসদ ভূঞাৰ চৰিত্র বুজি উঠিছে৷ দৰাচলতে কংগ্রেছৰ মঞ্চখন হৈছে মোগলৰ মঞ্চ, এই মঞ্চত অসমৰ খিলঞ্জীয়াসকলৰ স্বার্থৰ পৰিপন্থী তথা অসমবিৰোধী কার্যকলাপ গঢ়ি তোলা শক্তিবোৰ একত্রিত হৈছে৷ ৰাজ্য চৰকাৰে ৰাজ্যৰ খিলঞ্জীয়াসকলৰ স্বার্থত সদায় মাত মাতি আহিছে৷

ইতিমধ্যে সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ১ লাখৰো অধিক খিলঞ্জীয়া লোকক ভূমিপট্টা প্রদান কৰাৰ লগতে আগন্তুক দিনত আৰু ১ লাখ লোকক ভূমিপট্টা প্রদান কৰিব৷ খিলঞ্জীয়াসকলৰ কাৰণে পূর্বৰ চৰকাৰৰ দিনত এনে কোনো পদক্ষেপ লোৱা অসমবাসীয়ে দেখা নাছিল৷ তদুপৰি তেওঁ কয়– ‘ঐতিহাসিক অসম চুক্তিক কাগজৰ পৰা সংসদৰ মজিয়ালৈ বিজেপি চৰকাৰেই আনিছিল, শ্বহীদসকলক ৫ লাখ টকা আৰু তেওঁলোকৰ আত্মীয়ক ২ লাখ টকাৰ অর্থ সাহায্য আৰু ১১০ বিঘা ভূমি সামৰি শ্বহীদ উদ্যান নির্মাণৰ প্রকল্প এই চৰকাৰে হাতত লৈছে৷ কেৱল সেয়াই নহয়, বর্তমানৰ চৰকাৰে সত্রৰ মাটি বেদখলকাৰী, চৰকাৰী মাটি বেদখলকাৰীসকলক উচ্ছেদ কৰিবলৈ সমর্থ হৈছে, যিটো কংগ্রেছৰ যোৱা ১৫ বছৰীয়া কার্যকালত সম্ভৱ হোৱা নাছিল৷ যি কংগ্রেছ দলে ভাষা আন্দোলনৰ বিৰোধিতা কৰিছিল, যি কমিউনিষ্ট দলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিৰোধিতা কৰিছিল, সেই দলে আজি ভাৰতীয় জনতা পার্টীক সমালোচনা কৰাৰ কোনো নৈতিক অধিকাৰ নাই৷’

You might also like