নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াৰ উদমাৰীত অসমৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত আতাউৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে আলোচনা চক্ৰ

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া উদমাৰীস্ত আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন প্ৰাঙ্গণত জননেতা প্ৰয়াত আতাউৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয়। অসম চৰ চাপৰি সাহিত্য মঞ্চ আৰু আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যনৰ যৌথ উদ্যোগত আজি দিনৰ ১ বজাত বিশিষ্ট শিক্ষাবিদ জননেতা প্ৰয়াত আতাউৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে আয়োজন কৰা হয় এই মনোজ্ঞ আলোচনা চক্ৰত বিশিষ্ট লেখক ড০ হজৰত বক্সি আহমেদৰ সঞ্চালনাত অনুষ্ঠিত হোৱা “সম্প্ৰতি অসমীয়া জাতীয় জীৱনৰ সংকট আৰু আতাউৰ ৰহমানৰ প্ৰাসংগিকতা” শীৰ্ষক মনোজ্ঞ আলোচনা চক্ৰটো শুৱলা ভাষনেৰে শুভ উদ্বোধন কৰে বিশিষ্ট লেখক, সমাজকৰ্মী ড০ ছৈয়দ আহমদ জাদিদে আৰু আলোচক হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক ড০ ৰেজাউল কৰিম, গোৱালপাৰা জিলা পৰিমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শক ছাদুল্লা খান, প্ৰাক্তন বিধায়ক দেৱান জয়নাল আব্দিন, প্ৰাক্তন বিধায়ক হিৰণ্য বৰা, প্ৰবীন সাংবাদিক মেহেদি আলম বৰা, প্ৰবীন সাংবাদিক খবিৰ আহমেদ আদি বিশিষ্ট ব্যক্তি সকলে মূল্যবান ভাষণ আগবঢ়ায় ।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাবে উপস্থিত থাকে বৰপেটা লোক সভাৰ সাংসদ আব্দুল খালেক। আলোচনা চক্ৰৰ সম্বৰ্ধনা অনুষ্ঠানটোত আতঁধৰে উদযাপন সমিতিৰ সভাপতি ড০ ছোৰমান আলী, সম্পাদক ড০ ফজলুৰ ৰহমান আৰু চৰ চাপৰি সাহিত্য মঞ্চৰ সম্পাদক ৰফিকুল হাছানে । আলোচনা চক্ৰটোত বি এড কলেজৰ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে ভালে সংখ্যক গন্য মান্য ব্যক্তি সকল উপস্থিত থাকে ।

মফিদুল ইছলাম,কলগাছিয়া

You might also like