কাঁটাতাঁৰৰ বেৰ কাটি উন্মুক্ত কৰিছে সীমান্ত; চোৰাং ব্যৱসায়ীৰ গৰু সৰবৰাহ
নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ ৰাজ্যত ‘কা’ বাতিলৰ দাবীত আন্দোলন অব্যাহত থকা স্পর্শকাতৰ সময়ছোৱাতে দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ বাংলাদেশ সীমান্তত সংঘটিত হৈছে দেশৰ নিৰাপত্তাৰ প্রতি ভাবুকি কঢ়িয়াব পৰা উদ্বেগজনক ঘটনা৷ সীমান্তত আৰক্ষী–বিএছএফক আক্রমণ কৰি ত্রাসৰ সৃষ্টি কৰি অহা বেপৰোৱা গৰুৰ চোৰাং ব্যৱসায়ীয়ে মুকলিকৈয়ে আৰম্ভ কৰিছে কাঁইটীয়া তাঁৰৰ অনিষ্ট সাধন৷ গৰুৰ চোৰাং বেহাৰ পূর্বে দুষ্ট চক্রই কাঁইটীয়া তাঁৰৰ বেৰ কাটি উন্মুক্ত কৰিবলৈ লৈছে সীমান্ত৷ ইয়ে ৰাজ্যখনলৈ অবৈধ বাংলাদেশী নাগৰিকৰ লগতে অশুভ শক্তিৰ প্রব্রজন ঘটোৱাৰ দুর্ভাবনা কঢ়িয়াই আনিছে৷
যোৱানিশা বি এছ এফৰ এটা শিবিৰৰ কাষতে অনুৰূপ ঘটনা সংঘটিত হয়৷ দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ জোৰডাংগা–কুচনিমাৰ্ গাঁৱত যোৱানিশা গৰুৰ চোৰাং সৰবৰাহকাৰী চক্র এটাই বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ কাটি গৰু চালান দিবলৈ গৈ একাংশ কৃষকৰ শাক–পাচলিৰ খেতি নষ্ট কৰাত কৃষকসকল জাঙুৰ খাই উঠিছে৷ যোৱানিশা গৰুৰ চোৰাং ব্যৱসায়ীয়ে জোৰডাংগাৰ বাংলাদেশ সীমান্তয়েদি গৰু সৰবৰাহ কৰাৰ অর্থে কাঁইটীয়া তাঁৰৰ বেৰ কাটি দিয়াৰ লগতে ১২/১৩ জন কৃষকৰ শাক–পাচলিৰ খেতি নষ্ট কৰে৷
উল্লেখ্য যে আন্তঃৰাষ্ট্রীয় দুষ্ট চক্রটোৱে সীমান্তৰ মাজেৰে গৰু, নিচা জাতীয় সামগ্রী সৰবৰাহ কৰিবলৈ গৈ প্রতিবছৰে কৃষকসকলৰ ফচল নষ্ট কৰাৰ অভিযোগ উঠিছে৷ ইফালে যোৱানিশা সীমান্তয়েদি গৰু পাৰ কৰিবকৈ গৈ আক্রামুজ জামান, আনাৰুজ জামান, আক্কাছ আলী, আব্দুল ৰেজ্জাক, আব্দুল আৱাল, ৰুহুল আমিন, চৈইবুৰ ৰহমানকে ধৰি ১২/১৩জন কৃষৰ শাক–পাচলিৰ খেতিৰ ওপৰেদি গৰু সৰবৰাহকাৰীয়েবাংল্ চালান কৰিবলৈ নিয়ে৷ ফলত কৃষকসকলৰ বিস্তৰ ক্ষতি হয়৷ ঘটনাক লৈ কৃষকসকলে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ কৃষকসকলে আজি কয় যে সীমান্তত যদি বি এছ এফে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰে, তেন্তে বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহ বন্ধ হোৱাটো নিশ্চিত৷ কিন্তু বি এছ এফে সীমান্তত পহৰা দিয়াত অৱহেলা কৰে বাবে চোৰাং সৰবৰাহকাৰীয়ে গৰু সৰবৰাহ কৰাৰ সুযোগ লাভ কৰেবুলি কৃষকসকলে অভিযোগ কৰে৷
মন কৰিবলগীয়া যে জোৰডাংগা বি এছ এফ কেম্পৰ পৰা মাত্র প্রায় ১০০ মিটাৰ আঁতৰত এই ঘটনা সংঘটিত হৈছে৷ বি এছ এফ কেম্পটো কাষত থকাৰ পিছতো গৰু সৰবৰাহকাৰীয়ে কেনেকৈ বাংলাদেশলৈ গৰু সৰবৰাহ কৰিবলৈ সক্ষম হয় সেয়া ৰহস্যজনক৷ গৰুৰ সৰবৰাহকাৰীয়ে সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ কাটি দিয়াৰ পিছত নতুনকৈ কাঁটাতাঁৰ আনি মেৰামতি কৰা হৈছে বুলি জানিব পৰা গৈছে