নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰৰ কাটিগড়াত পথ দুৰ্ঘটনা; নিয়ন্ত্ৰণ হেৰুৱাই নৈত পৰিল ডালিম ভৰ্তি ট্ৰাক

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ কাছাৰৰ কাটিগড়াত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই ডালিম ভৰ্তি এখন ট্ৰাক বাগৰি পৰিল নৈত ৷ ফলত থিতাতে ট্ৰাক চালক দিলীপ কুমাৰ নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় সহচালক বিষ্ণু বিষ্ণোই আৰু বুধৰাম বিষ্ণোই ৷

নিহত চালকজন

জানিব পৰা মতে কাশ্মীৰৰ পৰা অহা এখন ডালিম ভৰ্তি ট্ৰাক কৰিমগঞ্জলৈ যোৱাৰ সময়তে কাটিগড়াৰ মদুয়া কৰোতি নৈৰ দলঙৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই তলৰ নৈত পৰে । ইপিনে সহ চালক দুজন কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও চালকৰ আসনত থকা দিলীপ কুমাৰ ট্ৰাকখনৰ লগতে পানীৰ তলত ডুব যায় ।

অৱশ্যে পাছত SDRF ৰ এটা দল আহি ট্ৰাক খন নৈৰ পৰা তুলাৰ পাছতহে চালক দিলীপ কুমাৰ মৃতদেহ উদ্ধাৰ হয় ৷

You might also like