নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰৰ ১৪০ খন গাঁৱৰ ৪৫ হাজাৰ লোক বানৰ কৱলত

নিয়মীয়া বাৰ্তা, ১৬ মে’: কাছাৰ জিলাৰ বৰাক নদী সহ উপ নৈসমূহৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা বানপানীৰ ফলত ১৪৯ খন গাঁৱৰ ৪৫ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত ১৬৮৫ জন লোকে এতিয়ালৈকে ১২ টা সাহায্য শিবিৰত আশ্ৰয় লৈছে। বৰ্তমান বানপানীত জিলাখনৰ ২০৯৯ হেক্টৰ ভূমিৰ শস্য ক্ষতিগ্ৰস্ত হৈছে। আশ্ৰয় শিবিৰত বিতৰণৰ বাবে কালি কাটিগৰা সমষ্টিত ৩২ কুইণ্টাল চাউল,৬ কুইণ্টাল ডালি ১ কুইণ্টাল ৮০ কিলোগ্ৰাম নিমখ আৱণ্টন কৰা হৈছে। শিলচৰ সদৰ চক্ৰৰ ৩টা আশ্ৰয় শিবিৰ ৰাজা গোবিন্দ চন্দ্ৰ এইচ এছ,জেছি গাৰ্লছ এইচএছ আৰু বেটুকান্দি এলপি স্কুলত ত্ৰাণ সামগ্ৰী হিচাপে ৪৫ কিলোগ্ৰাম চাউল, ৯ কিলোগ্ৰাম ডালি আৰু ৩২ লিটাৰ খোৱা তেল আৱণ্টন কৰা হৈছে।

তদুপৰি, আশ্ৰয় শিৱিৰত ৭২ কাৰ্টুন খোৱা পানীৰ পেকেট বিতৰণ কৰা হয়।ইফালে, জিলা উপায়ুক্ত কীৰ্তি জাল্লিয়ে উধাৰবন্দ আৰু বৰখলা সমষ্টিৰ বান কৱল অঞ্চল পৰিদৰ্শন কৰি বানপীড়িতসকলৰ খবৰ লয়। ইপিনে কাছাৰৰ যোগান বিভাগৰ অধীক্ষক পি কে কলিতাই কয় যে, জিলাখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মজুত আছে। তদুপৰি জিলাখনৰ বানপীড়িতসকলক উদ্ধাৰ কৰিবলৈ এছডিআৰএফ বিএছএফ আৰু অসম ৰাইফলক সেৱাত নিয়োজিত কৰা হৈছে। বানপানীৰ ফলত জিলাখনৰ ৩ হাজাৰ ১০০ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে।

ইপিনে শিলচৰ -গুৱাহাটী ৰেলপথ ১৮ মে’ লৈ বন্ধ ৰখা হৈছে । নিউ হাফলঙ ষ্টেচন সহ ডিটেকছৰাত ভূমিস্খলনৰ বাবে ৰেলসেৱা বন্ধ ৰখা হৈছে।‌ কালি শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ট্ৰেইনখনৰ ১৫০০ যাত্ৰীৰ ভিতৰত ৬৫৫ গৰাকী যাত্ৰীক বায়ুসেনাই এয়াৰলিফ্ট কৰি শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত লৈ আহে। ইপিনে শিলচৰ চহৰতলীৰ অন্যতম বেতুকান্দি মথাউৰিৰ দেৰ মিটাৰ তলত বৰাক নদীৰ পানী বৈ আছে।

You might also like