নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউ জিলাত স্বাস্থ্য বিভাগৰ দ্বাৰা ডেংগু দিৱস পালন

জিলা চিকিৎসালয় আৰু কাকতিবাৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত সজাগতা সভা অনুষ্ঠিত

নিয়মীয়া বাৰ্তা, ১৬ মে’:  আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস। সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে নৱগঠিত চৰাইদেউ জিলাতো “ৰাষ্ট্ৰীয় ডেংগু দিৱস” উৎযাপন কৰা হয়। এই উপলক্ষে আজি চৰাইদেউ জিলাৰ সোণাৰি ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত ভাৰপ্ৰাপ্ত অধীক্ষক ড• সোণালী চেতিয়াৰ সভাপতিত্ব চিকিৎসালয় প্ৰাংগনত এখন সজাগতা সভা অনুস্থিত কৰা হয়।মূলত ডেংগুৰ দৰে মাৰাত্মক ৰোগ কি দৰে প্ৰতিৰোধ কৰিব পাৰি আৰু আক্ৰান্ত হলে কি দৰে চৰকাৰী ব্যৱস্থাৰ মাজেৰে চিকিৎসা গ্ৰহণ কৰিব পাৰি আদি দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত উপস্থিত চিকিৎসক, চিকিৎসাকৰ্মী সকলে বক্তব্য আগবঢ়ায়।

এই সজাগতা সভাত জেষ্ঠ চিকিৎসক ড• ৰেহান শ্বেইখ ,ড• চন্দন বৰবৰা,(বাহক জনিত ৰোগৰ)জিলা পৰামৰ্শ বিষয়া ডেইজী কোৱঁৰ, চিকিৎসালয় খনৰ পৰিচাৰিকা, স্বাস্থ্য কৰ্মী,আশা কৰ্মী সকল উপস্থিত থাকে। আনহাতে চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগৰ অধীনৰ পাটসাঁকো স্বাস্থ্য খণ্ডৰ অন্তৰ্গত কাকতিবাৰী আৰু টিমন স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰতো “ৰাষ্ট্ৰীয় ডেংগু দিৱস” পালন কৰা হয়। গাৱঁৰ ৰাইজক একত্ৰিত কৰি দুয়োটা কেন্দ্ৰত ডেংগু সংক্ৰান্তিয় সজাগতা সভা অনুষ্ঠিত কৰা হয়। দুয়োটা কেন্দ্ৰৰ সমূহীয়া স্বাস্থ্য বিষয়া ক্ৰমে মদন দত্ত,অৰুপ তেলিয়ে বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে বিগত পাঁচ বছৰে চৰাইদেউ জিলাত ডেংগু ৰোগীৰ সংখ্যা শূণ্য যদিও স্বাস্থ্য বিভাগৰ দ্বাৰা সজাগতা সভা আদি সময়ে সময়ে অনুষ্ঠিত কৰা হৈছে আৰু বিভাগটোৱে সকলো ৰাইজক সজাগ হ’বলৈ আহ্বান জনায়।

প্রেৰক :-দীপাংকৰ পাল।

You might also like