কাজলগাঁৱৰ ডাঃ ইয়াকুব আলী আহমেদৰ অনন্য মানৱসেৱা
নিয়মীয়া বাৰ্তা, ৭ জুলাই: গাত ৰ’দ নলগা আৰু বৰষুণ নপৰা চিৰাঙৰ এজন চিকিৎসক৷ যিয়ে দীর্ঘসময় ধৰি মানৱসেৱাত ব্রতী হৈ অকলে সেৱা অব্যাহত ৰাখিছে এখন অসামৰিক চিকিৎসালয়ৰ এটি গুৰুত্ব পূর্ণ বিভাগত৷ এইজন চিকিৎসকৰ নাম হ’ল ইয়াকুব আলী আহমেদ৷ চিৰাং জিলা সদৰ কাজলগাঁওস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত তেওঁ একমাত্র প্রসূতি বিভাগৰ চিকিৎসক৷ বিগত চাৰি বছৰে তেওঁৰ সেৱা অব্যাহত ৰাখিছে৷
শেহতীয়াকৈ ক’ভিড –১৯ৰ বিভীষিকাই সকলোকে সন্ত্র্ত্রস্ত কৰি ৰখাৰ সময়তো তেওঁ নির্ভীকভাৱে দিনে–নিশাই জিৰণি নোলোৱাকৈ প্রসূতি মাতৃ আৰু সদ্যোজাত শিশুসকলক সেৱা আগবঢ়াই আছে৷ তেওঁৰ এজন সতীর্থ চিকিৎসক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছত যোৱা শনিবাৰৰ পৰা অসামৰিক চিকিৎসালয়খনত অন্য বিভাগৰ সেৱা বন্ধ ঘোষণা কৰিছে, তেনে সময়তো প্রসূতি বিভাগত চিকিৎসাধীন হৈ থকা প্রসূতি আৰু নৱজাতকৰ চিকিৎসাত তেওঁ অকলে ব্রতী হৈ থকা পৰিলক্ষিত হৈছে ৷
চিকিৎসক ইয়াকুব আলী আহমেদৰ ঘৰ হৈছে জিলাখনৰ অতিকৈ পিছপৰা গাঁও মোঝাবাৰীত৷ চিৰাং জিলা সদৰস্থিত এশখন বিছনাযুক্ত অসামৰিক চিকিৎসালয়খনত একেজন চিকিৎসকে সেৱা আগবঢ়াই থকা কথাটো উপলব্ধি কৰি চিকিৎসালয়খনৰ অধীক্ষক ডাঃ মনোজ দাসে আৰু এজন প্রসূতি চিকিৎসা বিশেষজ্ঞ নিযুক্তি দিয়াটো নিতান্তই প্রয়োজন বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে৷ জিলা সদৰৰ এই অসামৰিক চিকিৎসালয়খনত চিকিৎসক ইয়াকুব আলী আহমেদে দৈনিক গড়ে ৫০ৰ পৰা ৭০জন ৰোগী চোৱাৰ লগতে নিতৌ চাৰি–পাঁচগৰাকী প্রসূতিৰ অস্ত্রোপচাৰ (ছিজাৰিয়ান) কৰিবলগীয়া হয়৷ সম্প্রতি চিকিৎসালয়খনৰ আটাইকেইজন চিকিৎসক কোৱাৰেণ্টাইনত যোৱাৰ পাছত তেওঁ পূর্বৰ তুলনাত অধিক পৰিশ্রম কৰিবলগীয়া হৈছে ৷
চিকিৎসকজনে নিঃস্বার্থভাৱে আগবঢ়োৱা এই মানৱসেৱাৰ বাবেই ২০১৮ বর্ষৰ গণৰাজ্য দিৱসত জিলা প্রশাসনে তেওঁক বিশেষভাৱে সম্বর্ধনা জনাই পুৰস্কৃত কৰিছিল৷ জে এছ বি অসামৰিক চিকিৎসালয়খনৰ অধ্যক্ষ ডাঃ মনোজ দাসে চিকিৎসালয়ত অন্য সাধাৰণ বিভাগৰ সেৱা বন্ধ ঘোষণা কৰিছে যদিও ইতিমধ্যে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা প্রসূতি আৰু নৱজাতকৰ চিকিৎসাত ব্রতী তেওঁৰ সতীর্থ ডাঃ ইয়াকুব আলী আহমেদৰ বিশেষভাৱে শলাগ লয়৷ চিৰাং জিলা সদৰৰ এই বৃহত্তৰ অঞ্চলটোৰ সর্বসাধাৰণ ৰাইজে চিকিৎসক ইয়াকুব আলী আহমেদৰ সেৱাত সন্তুষ্টি প্রকাশ কৰিছে৷