নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটাকৈ এনিমেল কৰিড’ৰত সকলো প্ৰকাৰৰ নিৰ্মাণ কাৰ্য বন্ধ ঘোষণা 

১৪৪ধাৰা আইনৰ অধীনত কেতবোৰ নিষেধাজ্ঞা বলবৎ 

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: উচ্চতম ন্যায়ালয়য়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নটাকৈ এনিমেল কৰিড’ত সকলো ধৰণৰ অবৈধ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰি থৈছে। ন্যায়লয়ৰ নিৰ্দেশ নম্বৰ I.A.No.42944/2019 on WP(C)202/1995 datd12/04/2019মৰ্মে  বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ন টাকৈ এনিমেল কৰিড’ৰৰ ভিতৰৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত সাতটাকৈ এনিমেল কৰিড’ৰ আছে। কলিয়াবৰ মহকুমা   প্ৰশাসনৰ হৈ  অতিৰিক্ত জিলা দণ্ডাধীশ  তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে জিলা খনৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত এনিমেল কৰিড’ৰ হিচাপে চিহ্নিত ৭ টাকৈ স্থানত‌ ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা বলবৎ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই চিহ্নিত কৰি দিয়া এই স্থান সমূহ ক্ৰমে- দ্বাৰ-বাগৰি মৌজাৰ বাগৰি, হাৰমতি, কাঞ্চনজুৰি, হাতীদণ্ডী,দেওচুৰ, চিৰাং আৰু আমগুৰি। এনিমেল কৰিড’ৰ হিচাপে চিহ্নিত এই স্থান সমূহৰ চৰকাৰী অথবা ব্যক্তিগত ভূমিত সকলো ধৰণৰ স্থায়ী, অস্থায়ী নিৰ্মাণ কাৰ্য, ট্ৰাক -গধুৰ যান বাহন ৰখোৱা,উচ্চ ক্ষমতা সম্পন্ন বিজুলী চাকি ব্যৱহাৰ, উচ্চক্ষমতা সম্পন্ন তথা উচ্চ প্ৰাবল্যৰ শব্দৰ প্ৰয়োগ, উচ্চ প্ৰাৱল্যৰ সংগীত যন্ত্ৰ বজোৱা, উচ্চ প্ৰাৱল্যৰ যান বাহনৰ হৰ্ণ বজোৱা আদি সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে বুলি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা ১৪৪ ধাৰাৰ নিৰ্দেশ পত্ৰত উল্লেখ কৰা হৈছে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি অতিক্ৰম কৰা কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এই ৭ টাকৈ এনিমেল কৰিড’ৰত বলবৎ হোৱা ১৪৪ ধাৰা ভঙ্গ কৰিলে ভঙ্গকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ’ব বুলিও কলিয়াবৰ মহকুমা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা নিৰ্দেশ পত্ৰ খনত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে- শেহতীয়াকৈ উল্লেখিত অঞ্চল কেইটাৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া অঞ্চল সমূহত একাংশ ধনাঢ্য লোকে বিলাসী ৰি’জট,ৰেষ্টুৰেণ্ট,ধাবা তথা হোটেল আদি নিৰ্মাণ কৰি সুৰা, মঙহৰ বিশাল এখন বজাৰ গঢ়ি তুলিছিল। মাজনিশা পৰ্যন্ত এই ধাবা-ৰেষ্টুৰেণ্ট সমূহত চলে পাৰ্টি। প্ৰশাসন – আৰক্ষীক মেনেজ কৰি চলাই আহিছে এই সম্ৰাজ্য খন। এতিয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছত এই অঞ্চলসমুহত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে ই লক্ষ্যনীয় হ’ব।
You might also like