নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাটাঝাৰ-কাহিতামা পথৰ দুৰৱস্থাত ৰাইজৰ দুৰ্ভোগ

ৰাইজৰ দুৰ্ভোগ দেখিও গুৰুত্ব নাই জনপ্ৰতিনিধিৰ

নিয়মীয়া বাৰ্তা,১৪ নৱেম্বৰঃ বাক্সা-বৰপেটাৰ সীমামূৰীয়া তথা সৰভোগ সমষ্টিৰ অন্তৰ্গত কাটাঝাৰ-কাহিতামা সংযোগী এই পথটো অতি ব্যস্ত । কিন্তু পথ বুলিবলৈ আছে ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁত আৰু জৰাজীৰ্ণ হৈ পৰা পিটচ্ । সীমামূৰীয়া এই পথটোৰে বাক্সাৰ খাৰিজা বিজনীৰ হাজাৰ হাজাৰ লোকে বিদ্যালয়, মহাবিদ্যালয় , বাণিজ্য, অফিচ-কাছাৰী আদি বিভিন্ন কাৰ্যৰ বাবে দৈনিক অহা-যোৱা কৰে । কিন্তু প্ৰায় ৭ বছৰ ধৰি ভগ্নাৱশেষত পৰিণত হোৱা পকী পথটোৰ পুনৰ নিৰ্মাণত গুৰুত্ব দিয়া নাই বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী কিম্বা সৰভোগ সমষ্টিৰ স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে । দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে অৱগত কৰি অহাৰ পিছতো সামান্যতমো গুৰুত্ব আৰোপ কাৰ নাই নেতা দুগৰাকীয়ে । উল্লেখ্য যে, বিজেপিৰ হাইপ্ৰফাইল নেতা ৰঞ্জিত কুমাৰ দাসৰ বাসগৃহৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ দূৰৰ পথটোৰে সময়ে সময়ে তেওঁ অহা-যোৱা কৰে যদিও কোনো কাণসাৰ দিয়া নাই পথটোৰ পুনৰ নিৰ্মাণত । পৰিৱৰ্তনৰ শ্লোগানতে ব্যস্ত নাথাকি পথটো শীঘ্ৰেই নিৰ্মাণ কৰি দিবলৈ ৰঞ্জিত কুমাৰ দাসৰ লগতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক আহ্বান জনাইছে ৰাইজে ।

You might also like