‘কা’বিৰোধী আন্দোলন ৰাজপথৰ পৰা খেলপথাৰলৈ নিলে !
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ সন্দেহজনক । আছুৱে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনটো ৰাজপথৰ পৰা খেলপথাৰলৈ নিলে । – এই বিস্ফোৰক মন্তব্য ৰমণ মেগছেছে বঁটা বিজয়ী সমাজকৰ্মী সন্দীপ পাণ্ডেৰ । বুধবাৰে গুৱাহাটীত এখন সংবাদ মেলত সন্দীপ পাণ্ডেই কয় যে আছু আৰু অগপই কেবৰ বিৰুদ্ধে আন্দোলন কৰিছিল কৃষক মুক্তি আৰু ৭০ সংগঠনৰ দৰে শক্তিশালী আন্দোলন কৰা নাছিল । পৰৱৰ্তী সময়ত কেব কা লৈ গৃহীত কৰা হ’ল৷ অখিল গ্রেপ্তাৰ হৈ কাৰাগাৰত থকাৰ পাছত আছুৱে ‘কা’বিৰোধী আন্দোলন নিজৰ হাতলৈ নিয়ে৷ কিন্তু আছুৱে ৰাজপথত চলি থকা ‘কা’বিৰোধী আন্দোলন খেলপথাৰলৈ নিয়ে৷ জনতাৰ আন্দোলন এটাক বিপথে পৰিচালিত কৰা হ’ল৷ চৰকাৰে বিচৰা ধৰণে আন্দোলন চলিছে৷ মানুহে কথাবোৰ তেনেকৈয়ে ভাবিছে৷ আছুৱে ১০ বজাৰ পৰা ৫ বজাৰ পাছত আন্দোলন কৰিব নালাগে বুলি কৈছে৷ চৰকাৰে অখিল গগৈৰ ‘কা’বিৰোধী আন্দোলন স্তিমিত কৰিবলৈ আছুক পৃষ্ঠপোষকতা কৰা যেন লাগিছে৷ আছুৰ আন্দোলনক লৈ তেনে এক ষড়যন্ত্রৰ গোন্ধ পোৱা গৈছে৷
আনহাতে, অখিল গগৈক বাদ দি ‘কা’বিৰোধী আন্দোলন সফল হ’ব নোৱাৰে বুলি উল্লেখ কৰি সন্দীপ পাণ্ডেই আছুক জোৰদাৰ আন্দোলন কৰিবলৈ আহ্বান জনায়৷ অগপ দলকো ‘কা’ৰ বিৰুদ্ধে আন্দোলন তীব্রতৰ কৰিবলৈ তেওঁ আহ্বান জনায়৷ লগতে অখিল গগৈসহ কৃষক মুক্তি সংগ্রাম সমিতিৰ বন্দী নেতাসকলক বিনাচর্তে মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনায়৷ ইফালে মাত্র তিনিখন দেশৰ ছটা সম্প্রদায়ৰ নাগৰিককহে ভাৰতৰ নাগৰিকত্ব দিব বিচৰা হৈছে বুলি প্রশ্ণ কৰে সন্দীপ পাণ্ডেই৷ তেওঁ কয়– শ্রীলংকাৰ পৰাও বহু নাগৰিক তামিলনাডুত আছে৷ আনহাতে, ২০১৪ চনৰ ভিতৰত বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ নাগৰিকে কোনো নথিপত্র দিব নালাগে– কেৱল ছটা সম্প্রদায়ৰ মানুহ অর্থাৎ পাণ্ডে, জৈন আদি উপাধিৰ মানুহ বুলি পৰিচয় দিলে ভাৰতত নাগৰিকত্ব দিব বিচৰাটো ‘কি আইন’ বুলিও পাণ্ডেই প্রশ্ণ কৰে৷ উক্ত তিনিখন দেশৰ ছটা সম্প্রদায়ৰ নাগৰিকক নাগৰিকত্ব দিয়াৰ পৰিৱর্তে ৱার্ক পার্মিট দিব লাগে বুলি তেওঁ মন্তব্য কৰে৷ ইফালে একেখন সংবাদ মেলত আছুৰ ‘কা’বিৰোধী আন্দোলন সন্দেহজনক বুলি মন্তব্য কৰে নর্মদা বচাও আন্দোলনৰ নেত্রী মেধা পাটকাৰে৷ তেওঁ কয় যে আছুৱে ‘কা’বিৰোধী আন্দোলন দিনৰ ১০ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ পাছত নকৰাৰ সিদ্ধান্ত লৈছে৷ অখিল গগৈক চৰকাৰে কাৰাবন্দী কৰি ৰখাৰ পাছত আছুৰ আন্দোলন স্তিমিত হৈ পৰিছে৷ গতিকে আছুৰ আন্দোলন সন্দেহজনক হৈ পৰিছে৷ ইফালে গণতান্ত্রিক আন্দোলন কৰা আন্দোলনকাৰীক গ্রেপ্তাৰ কৰি চৰকাৰে গণতন্ত্রক ধ্বংস কৰাৰ চেষ্টা কৰিছে৷ অখিল গগৈয়ে অহিংস আন্দোলন কৰিছিল৷ কিন্তু অখিল গগৈৰ নেতৃত্বত চলা শক্তিশালী আন্দোলনক ভয় কৰি চৰকাৰে ‘নিয়া’ৰ দ্বাৰা কৃষক নেতাজনৰ বিৰুদ্ধে গোচৰ জাপি দিয়া হৈছে৷ আপোচবিহীনভাৱে আন্দোলন কৰা বাবেই অখিল গগৈ, ধৈর্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰক অন্যায়ভাৱে কাৰাবন্দী কৰি থোৱা হৈছে৷ চৰকাৰে মুছলমানক লক্ষ্য কৰি লৈ ‘কা’ৰ মাজতে এন আৰ চি আৰু এন পি আৰ বনোৱাৰ কথা কৈছে৷ এন আৰ চি সম্পূর্ণ নোহোৱাকৈ বহু মানুহক ডিটেনচন কেম্পলৈ প্রেৰণ কৰা হৈছে৷ উদ্বেগজনক কথাটো হ’ল– ডিটেনচন কেম্পত ৰাখিব লগা ৭জন লোকক কাৰাগাৰত ৰখা হৈছে৷ কিন্তু কাৰাগাৰ আৰু ডিটেনচন কেম্প একে নহয়৷ চৰকাৰে ইয়াৰ দ্বাৰা গণতান্ত্রিক অধিকাৰ ভংগ কৰিছে৷ মেধা পাটকাৰে অখিল গগৈসহ কাৰাগাৰত বন্দী কৰি ৰখা কৃষক মুক্তি সংগ্রাম সমিতিৰ সকলো বিষয়ববীয়াক বিনাচর্তে মুক্তি দিবলৈ চৰকাৰক দাবী জনায়৷ উল্লেখ্য যে সংবাদ মেলৰ পূর্বে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত অখিল গগৈক সাক্ষাৎ কৰে সন্দীপ পাণ্ডে আৰু মেধা পাটকাৰে৷