নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ সংবাদ মেল; বিধান সভাৰ নিৰ্বাচনৰ আগে কোচ ৰাজবংশীৰ জনজাতিকৰণৰ দাবী

নিয়মীয়া বাৰ্তা,৫ আগষ্টঃ কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি চমুকৈ কে পি পিয়ে আগন্তুক বিধান সভাৰ নিৰ্বাচনত অসমত কমেও ৩০ আৰু উত্তৰ বংগত ৪৯ টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আজি এক সংবাদমেলত দলটিৰ কেন্দ্ৰীয় সমিতিয়ে এই কথা সদৰি কৰে। চিৰাং জিলাৰ কাজলগাঁও প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত কে পি পিৰ অসমৰ প্ৰদেশৰ সভাপতি প্ৰদীপ কুমাৰ ৰায়ে লগতে কয় যে অহা ১৬ আগষ্টৰ পৰা ৩১ ডিচেম্বৰলৈ দলটোৱে ১০ লক্ষ সদস্য ভৰ্তিৰ লক্ষেৰে অসম আৰু পশ্চিম বংগৰ প্ৰস্তাবিত কামতাপুৰ এলেকাত জনসম্পৰ্ক অভিযান চলাব।এই সময়ছোৱাত দলটোৱে কমতাপুৰ ৰাজ্য গঠন আন্দোলনৰ লগত জৰিত বিভিন্ন সংগঠন, বুদ্ধিজীৱি তথা সাহিত্যিকৰ লগত মত বিনিময় কৰিব।

আনহাতে ৰায়ে জানিবলৈ দিয়ে যে আগন্তুক বিধান সভা নিৰ্বাচনত কে পি পি দলৰ পৰা অসমত অতি কমেও ৩০ টা আৰু উত্তৰ বংগত ৪৯ টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব।এই সম্পৰ্কে অহা ৭ জানুৱাৰীত দলটোৰ প্ৰতিষ্ঠা দিৱসত বিস্তৃত ভাবে আলোচনা কৰা হ’ব বুলিও ৰায়ে সদৰি কৰে।আনহাতে দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে আগন্তুক বিধান সভাৰ নিৰ্বাচনৰ আগে আগে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ, কামতাপুৰ ভাষাৰ ৰাষ্ট্ৰীয় স্বীকৃতি আৰু কামতাপুৰ স্বায়ত্ব শাসন পৰিষদ গঠন কাৰ্যকৰীকৰণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়।সংবাদমেলত দলৰ চিৰাং জিলা সমিতিৰ সভাপতি দিলীপ কুমাৰ বৰ্মন কোচ উপস্থিত থাকে।

You might also like