নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইল ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ক’ভিড ৰোগত মৃত্যু; জিলা প্ৰশাসনৰ সহযোগত টিপলিং শ্মশানত দাহকাৰ্য‍

নিয়মীয়া বাৰ্তা, ৫ আগষ্ট : অইল ইণ্ডিয়া লিমিটেডৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তাৰিণীচৰণ কলিতা ক’ভিড ৰোগত আক্ৰান্ত হৈ কালি পুৱা ৭ বজাত ডিব্ৰুগড়স্হিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় ।

অইলৰ খনন বিভাগৰ পৰা প্ৰায় এমাহ পূৰ্বে অৱসৰ গ্ৰহণ কৰা ব‍্যক্তিজন অইল আবাসিক অঞ্চল চি টিৰ নিবাসী । আনহাতে ব‍্যক্তিগৰাকী বয়সজনিত অন‍্যান‍্য অসুখতো ভুগি থকা বুলি জানিব পৰা গৈছে ।

যোৱা ৩ আগষ্টত শাৰিৰীক অসুস্হতাৰ লক্ষণ দেখি তেখেতক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছিল । প্ৰশাসনৰ সূত্ৰ অনুসৰি ক’ভিড ৰোগত মৃত্যু হোৱা লোকজনক আজি নিশালৈ জিলা প্ৰশাসনৰ সহযোগত টিপলিংস্হিত শ্মশানত দাহকাৰ্য‍্য সম্পন্ন কৰা হ’ব ।

You might also like