কামপুৰত ইজৰাইলৰ গৱেষক আৰু এন ই এ ডি এচ ৰ কৰ্মকৰ্তাৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন
নিয়মীয়া বাৰ্তা, ৪জুন: বান বিধ্বস্ত কামপুৰৰ শেহতীয়া পৰিস্থিতি পৰিদৰ্শন কৰিলে উত্তৰ পূবৰ বেচৰকাৰী সংস্থা এন ই এ বি এছ(NEADS )ৰ লগতে সুদূৰ ইজৰাইলৰ এজন গৱেষকে ৷ কামপুৰৰ বিভিন্ন প্ৰান্তৰ ক্ষতিগ্ৰস্ত অঞ্চল সমূহলৈ খোজ কাঢ়ি গৈ পৰ্যবেক্ষণ কৰে বানৰ পাছৰ মৰ্মান্তিক দৃশ্যবোৰ ৷ ইজৰাইলৰ এনটন্ তিজ(Anton Triz )নামৰ গৱেষকজনে নিজাববীয়াকৈ বান বিধ্বস্ত অঞ্চল সমূহত জৰীপ চলায়৷ এনটন নিজ(Anton Triz)য়ে বানাক্ৰান্ত ৰাইজৰ দুৰ্দশা দেখি পাৰ্যমানে সহায়ৰ হাত আগবঢ়াব বুলি আশ্বাস দিয়াৰ লগতে এন ই এ ডি এচ (NEADS) ৰ কৰ্মকৰ্তা সকলেও বানাক্ৰান্তক সহায়ৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মন্তব্য কৰে ।