নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামপুৰ, কচুৱাত কপিলী, বৰপানীৰ সংহাৰ, বিস্তীৰ্ণ অঞ্চল জলমগ্ন, পথ যোগাযোগ ব্যাহত

বানবিধ্বস্ত অঞ্চলত বিধায়ক, নগাঁৱৰ উপায়ুক্ত

নিয়মীয়া বাৰ্তা, ১৫মে’: নগাঁও জিলাৰ কামপুৰ আৰু কচুৱা অঞ্চলত কপিলী আৰু বৰপানী নৈৰ ধ্বংসলীলাই যোৱানিশাৰ পৰা তীব্ৰ ৰুপ ধাৰণ কৰিছে । বৰপানী নদীৰ বাঢ়নী পানীয়ে কচুৱা অঞ্চলত হাজাৰ- হাজাৰ বিঘা বৰোধানৰ খেতি নষ্ট কৰি পেলোৱাৰ লগতে যোৱানিশাৰ পৰা ক্ৰমাৎ ন ন অঞ্চল বুৰাই পেলাইছে । একে সময়তে কপিলী নদীৰ জলপৃষ্ঠ ওফন্দি উঠি খহনীয়াৰ সৃষ্টি কৰাৰ লগতে মথাউৰি ভাঙি তাণ্ডৱৰ সৃষ্টি কৰিছে । কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চাইবুক – গোসাঁইগাৱৰ মথাউৰিৰ প্ৰায় ৫০ ফুট খহাই লৈ যায় । ফলত নদীৰ ওফণ্ডি থকা পানী সেই ঠাইৰে তীব্ৰ গতিত ববলৈ ধৰাত নদীৰ পাৰত বিগত ২০ বছৰ ধৰি বসবাস কৰি অহা অমিলি বৰা আৰু পৱিত্ৰ বৰা নামৰ পৰিয়াল দুটাৰ দুটি আৱাস গৃহ উটোৱাই লৈ যায় ।

পৰিয়াল দুটা গৃহহীন হৈ পৰাত স্থানীয়লোকে দক্ষিণ কপিলীপৰীয়া আঞ্চলিক পুথিভড়ালত অস্থায়ী ভাৱে থকাৰ ব্যৱস্থা কৰি দিয়ে । সেই ঠাইত থকা মথাউৰি অংশ কপিলীৰ পানীয়ে আজি যোৱানিশাৰ পৰা খহাবলৈ আৰম্ভ কৰিছিল । ইয়াৰ উপৰিও বকুলগুৰি,নলাপাৰ আদি বিস্তীৰ্ণ অঞ্চল প্লাৱিত হোৱাৰ উপৰিও কামপুৰ- যমুনামুখ পথৰ কেবাঠাইতো পথৰ ওপৰেৰে পানী বাগৰাত উক্ত পথটোৰে যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ পৰিছে । আজি কপিলীৰ সংহাৰৰ খৱৰ ল’বলৈ কামপুৰ কচুৱাৰ বান বিধ্বস্ত অঞ্চলত উপস্থিত হয়গৈ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু নগাঁও জিলাৰ উপায়ুক্ত নিসৰ্গ হিভাৰে । নগাঁও জিলাৰ উপায়ুক্ত গৰকীয়ে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আটাইকেইটা মথাউৰি পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় । ইফালে কামপুৰ ৰাজহ চক্ৰ বিষয়া, কঠিয়াতলী খণ্ড উন্নয়ন বিষয়া আৰু নগাঁও জল সম্পদ বিভাগৰ অভিযন্তা সকলো সেই ঠাইত উপস্থিত হৈ স্থানীয় লোকক ভগ্ন মথাউৰি পুনৰ নিৰ্মাণৰ সু – ব্যৱস্থা অতি সোনকালে গ্ৰহণ কৰা হ’ব বুলি বানাক্ৰান্ত জনতাক আশ্বাস প্ৰদান কৰে ।

You might also like