নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চানলিট চলচ্চিত্ৰ মহোৎসৱত অতুল পাচনীৰ শ্ৰেষ্ঠ অভিনেতা আৰু প্ৰণামী বৰাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ

নিয়মীয়া বাৰ্তা, ১৫মে’: চানলিট ষ্টুডিঅ ফিল্ম ক্লাবে চানলিট চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰিছিল। মহোৎসৱটোৱে প্ৰতিযোগিতা শিতানত মুঠ ৩৬ খন চলচ্চিত্ৰ লাভ কৰিছিল। এই চলচ্চিত্ৰ মহোৎসৱৰ জুৰী মেম্বাৰ্ছ আছিল―মণিপুৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা মীনা লংজাম, পুৰস্কাৰ প্ৰাপ্ত চলচ্চিত্ৰ নিৰ্মাতা নাগালেণ্ডৰ কিভিনি চোহে আৰু চলচ্চিত্ৰ নিৰ্মাতা আৰু এছআৰএফটিআইৰ প্ৰাক্তন ছাত্ৰী ছিকিমৰ ত্ৰিবেণী ৰায় l সুপ্ৰিয়া প্ৰসাদৰ “দা প’ৰট্ৰেট অব দা ৱিলো অ’মেন” এ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে l দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ বটা লাভ কৰে মহৰ্ষি কাশ্যপৰ “মোৰ ঘোৰাৰ দূৰন্ত গতি ” এ l

কেশৰ জ্যোতি দাসে “কথাবোৰ” ছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰেl মহোৎসৱত অতুল পাচনীয়ে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে “মোৰ ঘোৰাৰ দূৰন্ত গতি”ৰ বাবে আৰু প্ৰণামী বৰাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে “মঙহ দহাৰ গোন্ধ” ৰ বাবে । জুৰীৰ বিশেষ বটা লাভ কৰে ত্ৰিদিশা গোস্বামীৰ “আশ্বাবাম” আৰু চন্দন কুমাৰৰ “অৰাজনৈতিক” শীৰ্ষক ছবিয়ে। মহোৎসৱৰ অধ্যক্ষ অৰূপ মান্নাই কয় যে এই উৎসৱ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এক বৃহৎ মঞ্চস্বৰূপ, বিশেষকৈ অসমৰ পৰিপ্ৰেক্ষিতত। মহোৎসৱৰ পৰিচালক খঞ্জন কিশোৰ নাথে তেওঁৰ ভাষণত কয় যে আমাৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ আৰু অধিক সাফল্যৰ শীৰ্ষলৈ যোৱাৰ সম্ভাৱনা আছে।

উৎসৱৰ আৰ্টিষ্টিক ডাইৰেক্টৰ সুৰজ দুৱৰাই কয় যে চানলিট ষ্টুডিঅ’ ফিল্ম ক্লাবে আমাৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলক উৎসাহ দিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু ভৱিষ্যতেও এই ভূমিকা নিশ্চয় অব্যাহত থাকিব। চানলিট ষ্টুডিঅ’ ফিল্ম ক্লাবৰ প্ৰতিষ্ঠাপক পাৰ্থজিৎ বৰুৱাই প্ৰদান কৰা ধন্যবাদসূচক বক্তব্যৰ সৈতে অনুষ্ঠানটো সমাপ্ত কৰা হয়। তেওঁ আয়োজক মণ্ডলীৰ সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰে, যি চানলিট চলচ্চিত্ৰ মহোৎসৱক এক বৃহৎ সফলতা প্ৰদান কৰিবলৈ যথেষ্ট অৰিহণা আগবঢ়াইছিল। এই চলচ্চিত্ৰ মহোৎসৱটো গুগল মিটৰ জৰিয়তে আয়োজন কৰা হয়।

You might also like