নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ হেমাহিত মৃত্যুলৈ গতি কৰিছে এখন আদৰ্শ চিকিৎসালয় ?

কোনো অঘটন হোৱাৰ আগেয়ে তৎপৰ হ'বলৈ উপায়ুক্তক আবেদন

নিয়মীয়া বাৰ্তা, ৭অক্টোবৰঃ চৰকাৰে জনহিতাৰ্থে স্বাস্থ্যখণ্ডৰ ব্যাপক উন্নতি সাধন কৰাৰ প্ৰয়াস কৰিলেও ডিব্ৰুগড়ত কিন্তু ইয়াৰ বিপৰীত ছবিয়ে ৰাইজক ভবাই তুলিছে। ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন ঠাইত বহু মেডিকেল কলেজ, চিকিৎসালয় আদি নিৰ্মাণ কৰি আহিছে যদিও তাৰ বিপৰীতে ইতিপূৰ্বে স্থাপিত স্বাস্থ্যানুষ্ঠান সমূহৰ ক্ষেত্ৰত কোনো তদাৰকী ব্যৱস্থা হাতত নোলোৱাত সেইবোৰ হয় জহি-খহি যোৱাই নহয় মৃত্যুৰ গৰাহতো পৰিছে।তেনে এখন জহি-খহি যাব ধৰা আদৰ্শ চিকিৎসালয় হ’ল, ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা আৰু বৰবৰুৱা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত জকাই আদৰ্শ চিকিৎসালয়।

২০১৯ চনৰ ২৫ অক্টোবৰ তাৰিখে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই উদ্বোধন কৰা আদৰ্শ চিকিৎসালয়খন বিল্ডিং, আচবাব, যন্ত্ৰ-পাতিকে আদি কৰি সকলো ক্ষেত্ৰতে প্ৰায় পৰিপূৰ্ণ।কিন্তু অভাৱ চৰকাৰৰ সংশ্লিষ্ট দপ্তৰৰ উপযুক্ত তদাৰক আৰু চিকিৎসক-কৰ্মচাৰীৰ কৰ্মস্পৃহা।আদৰ্শ চিকিৎসালয় হ’লেও ইয়াত দিনৰ ১২ বজাৰ পাছত চিকিৎসক সচৰাচৰ উপস্থিত নকৰাটো ৰাইজৰ বহুদিনীয়া অভিযোগ আছে।নিশা চৌহদৰ সুন্দৰ আবাস গৃহত থকাৰ কথাটোতো এক অবান্তৰ প্ৰশ্ন।

চিকিৎসালয়খনত এটা এক্স-ৰে মেচিন সুনিৰ্দিষ্ট কোঠা এটাৰ ভিতৰত সোমাই আছে ঠিকেই, কিন্তু অপাৰেটৰহে কোনো নাই।স্থানীয় ৰাইজ।আৰু ৰোগীৰ অভিযোগ অনুসৰি ৰেডিঅ’গ্ৰাফাৰজনৰ সৈতে তেওঁবিলাকৰ সাক্ষাৎ হোৱাই নাই বা নাহেই।ফলত জহি-খহি গৈছে কোটি টকীয়া এক্স-ৰে মেচিন।এজন আয়ুৰ্বেদিক চিকিৎসক সহ এই চিকিৎসালয়ত থাকিব লাগে মুঠ ৯ জন চিকিৎসক।তাৰ বিপৰীতে দিনৰ ১২ বজালৈকে কাম কৰা চিকিৎসক আছে ৫ জন। বাকী ৪ টাকৈ পদ খালি হৈয়ে আছে,এই পৰ্যন্ত নিযুক্তি দিব পৰা নাই।চকীদাৰ আৰু ড্ৰেচাৰ একোজনকৈ থাকিব লাগে যদিও দুয়োটা পদেই খালি হৈ আছে। তাতোকৈয়ো আচৰিত যে চিকিৎসালয়খনৰ মূল অধীক্ষক পদটোৱেই খালি হৈ আছে। বৰ্তমানে এজন ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়াই চলাই আছে আৰ্দশ চিকিৎসালয়খন।এই সমগ্ৰ বিষয়টো আজি দিনৰ ১২ বজাত চিকিৎসালয়খনলৈ গৈ কোনো এজনো চিকিৎসক নোপোৱাটো প্ৰত্যক্ষ কৰি আহি,মাজুলীৰ দৰে বা আন কোনো অঘটন আদি ঘটাৰ পূৰ্বে বিহিত ব্যৱস্থা হাতত ল’বলৈ ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ ওচৰত এখন আবেদন পত্ৰ দাখিল কৰে নেতৃস্থানীয় তথা জ্যেষ্ঠ সাংবাদিক শৰৎচন্দ্ৰ নেওগে। নেওগে স্থানীয় গাঁওবাসীৰ পৰা পোৱা অভিযোগ মতে, সাধাৰণতে পুৱা ভাগতে বৰ্হিবিভাগলৈ যিকেইজন ৰোগী আহে তাৰ বাহিৰে প্ৰায় ভাগ ৰোগী,আনকি গৰ্ভাৱতী তিৰোতাও ইয়াৰ পৰা গুছি যায় হয়-বৰবৰুৱা স্বাস্থ্য কেন্দ্ৰলৈ,নহয়- ডিব্ৰুগড়ৰ মেডিকেল কলেজলৈ।

এতিয়া প্ৰশ্ন হয় যে কাৰ হেমাহিত এনে এখন বহু কোটি টকীয়া আৰ্দশ চিকিৎসালয় মৃত্যুৰ দিশে গতি কৰিছে।জিলা উপায়ুক্ত গৰাকীয়ে শ্ৰীঘে বিহিত ব্যৱস্থাৰে চিকিৎসালয়খন সক্ৰিয় হৈ উঠাত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব বুলি বৃহত্তৰ জকাইবাসীয়ে আশাৰে বাট চাই ৰৈছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like