‘কা’ বাতিলৰ দাবীত ঐক্যবদ্ধ আন্দোলন গঢ়াৰ সিদ্ধান্ত
নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ নাগৰিকত্ব (সংশোধনী) আইন, অর্থাৎ ‘কা’ বাতিলৰ দাবীত পুনৰ তীব্রতৰ হ’ব আন্দোলন৷– এই ঘোষণা ‘কা’বিৰোধী আন্দোলনত অগ্রণী ভূমিকা লোৱা ৰাজ্যৰ ৭০ সংগঠনৰ৷ গুৱাহাটীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্রাম সমিতিৰ কেন্দ্রীয় কার্যালয় দক্ষপ্রসাদ ডেকা ভৱনত ৭০ সংগঠনৰ এক জৰুৰী বৈঠক অনুষ্ঠিত হয়৷ ক’ভিড–১৯ৰ সকলো স্বাস্থ্য বিধি আৰু সামাজিক দূৰত্ব মানি অনুষ্ঠিত এই সভাত অসমৰ জ্বলন্ত সমস্যাৰ ওপৰত কেতবোৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ অৱশ্যে ক’ভিড পৰিস্থিতি তথা সাপ্তাহিক লকডাউনৰ বাবে ৭০ সংগঠনৰ অংশীদাৰ কেইবাটাও সংগঠন উপস্থিত থাকিব নোৱাৰিলে যদিও তেওঁলোকে সভাৰ সিদ্ধান্তক সমর্থন জনায়৷
সভাত উপস্থিত থকা ‘কা’বিৰোধী আন্দোলনৰ সংগঠনসমূহ হ’ল– কৃষক মুক্তি সংগ্রাম সমিতি, তাই আহোম যুৱ পৰিষদ, অসমীয়া যুৱ মঞ্চ, অনুসূচিত যুৱ–ছাত্র পৰিষদ, আহোম সেনা, সদৌ অসম উন্নয়ন পৰিষদ, তাই আহোম মহিলা পৰিষদ, নাথ যোগী ছাত্র সন্থা, সদৌ কলিতা ছাত্র সন্থা, আদিবাসী ছাত্র সন্থা, মানৱ অধিকাৰ সংগ্রাম সমিতি, ‘কা’বিৰোধী মঞ্চ, অসম ছাত্র–যুৱ সন্মিলন, গৰিয়া যুৱ–ছাত্র পৰিষদ, সদৌ অসম গৰিয়া পৰিষদ, সদৌ অসম গৰিয়া মহিলা পৰিষদ, দুন্তিবিৰোধী মানৱ অধিকাৰ সুৰক্ষা মঞ্চ, মদমুক্ত অসম, অগ্রণী মহিলা মঞ্চ, একত্রিত যুৱ পৰিষদ, সংগ্রামী প্রগতিশীল নাৰী সন্থা, ইৰাইজন সামাজিক–সাংস্কৃতিক সংগঠন, স্বৰাজ অসম, ছাত্র মুক্তি সংগ্রাম সমিতি, নাৰী মুক্তি সংগ্রাম সমিতি, চাহ শ্রমিক মুক্তি সংগ্রাম সমিতি আদি৷ আজিৰ সভাত সভাপতিত্ব কৰে প্রদীপ বৰা, মির্জা বৰাই আৰু সভাৰ বিষয়বস্তু উত্থাপন কৰে অসমীয়া যুৱ মঞ্চৰ সচিবপ্রধান জিতুল ডেকাই৷ বিষয়বস্তু উত্থাপন কৰি জিতুল ডেকাই কয় যে ‘কা’ আন্দোলনৰ অগ্রণী নেতা অখিল গগৈক কাৰাবন্দী কৰি অসমৰ জাতীয়–জনগোষ্ঠীয় সংগঠনক চৰকাৰে ভয় খুৱাব খুজিছে৷ আমি চৰকাৰৰ এই ষডযন্ত্রক প্রতিহত কৰিব লাগিব৷ ‘কা’বিৰোধী আন্দোলন পুনৰ আৰম্ভ হৈছে আৰু এই আইন বাতিল হ’বই৷ অনুসূচিত জাতি যুৱ–ছাত্র পৰিষদৰ সভাপতি ৰুবুল দাসে চৰকাৰক কঠোৰ সমালোচনা কৰি অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰে৷ আহোম সেনাৰ সেনাধ্যক্ষ অংকুৰণ ফুকনে অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰাৰ লগতে ‘কা’বিৰোধী আন্দোলনক তীব্রতৰ কৰি তোলাৰ পৰামর্শ আগবঢায়৷ সদৌ কলিতা ছাত্র সন্থাৰ সভাপতি দীপাংকৰ কলিতাই বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে অসমত এক নতুন বিকল্প ৰাজনৈতিক দল লাগে আৰু তাৰ নেতৃত্ব কৃষক মুক্তি সংগ্রাম সমিতিয়ে ল’ব লাগে বুলি পৰামর্শ আগবঢায়৷ অসম ছাত্র–যুৱ সন্মিলনৰ সভাপতি মাধুর্য বৰুৱাই নতুন এক ৰাজনৈতিক দল গঠনৰ পোষকতা কৰি কয় যে আঞ্চলিকতাবাদৰ নামত আঞ্চলিকতা নহয়, প্রগতিশীল জাতীয়তাবাদ আদর্শৰ ওপৰত প্রতিষ্ঠিত ৰাজনৈতিক দললৈহে সমর্থন থাকিব৷
সদৌ অসম গৰিয়া পৰিষদৰ সভাপতি মির্জা বৰাই ‘কা’ বাতিল, অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰাৰ লগতে কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতৃত্বত এক নতুন ৰাজনৈতিক দল গঠন কৰিবলৈ পৰামর্শ আগবঢায়৷ মানৱ অধিকাৰ সংগ্রাম সমিতিৰ সচিবপ্রধান প্রণৱজ্যোতি চেতিয়াই চৰকাৰক কঠোৰ সমালোচনা কৰি ‘কা’ আন্দোলন পুনৰ তীব্রতৰ কৰাৰ লগতে অখিল গগৈৰ মুক্তিৰ বাবে চৰকাৰক হেঁচা দিবলৈ বাধ্য কৰাব লাগে বুলি কয়৷ উল্লেখ্য যে আজিৰ সভাত ৰাজনৈতিক দল গঠনৰ বিষয়টোৱে ব্যাপক চর্চা লাভ কৰিছে৷ অখিল গগৈ তথা কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতৃত্বত এক নতুন ৰাজনৈতিক দল গঠনৰ পোষকতা কৰিছে আজি উপস্থিত থকা আটাইবোৰ সংগঠনে৷ অৱশ্যে ৰাজনৈতিক দল গঠন সন্দর্ভত বৈঠকত আজি কোনো ধৰণৰ সিদ্ধান্ত গ্রহণ নকৰিলে আৰু বিষয়টো অধিক চর্চাৰ প্রয়োজন আছে বুলি পৰৱত্ বৈঠকলৈ পিছুৱাই ৰাখে৷ সমান্তৰালভাৱে ‘কা’বিৰোধী আন্দোলনৰ অগ্রণী নেতা তথা কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ মুক্তি আৰু ‘কা’ বাতিলৰ বিষয়টোৱে মুখ্য বিষয় হিচাপে সভাত স্থান পায়৷ আজিৰ সভাত নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত এক শক্তিশালী, গণমুখী আৰু ঐক্যবদ্ধ আন্দোলন গঢি তুলিবলৈ সিদ্ধান্ত গ্রহণ কৰে৷ অসমৰ সকলো জাতীয়–জনগোষ্ঠীয় সংগঠন, বুদ্ধিজীৱী, নাগৰিক সমাজ, শিল্পী সমাজ, ছাত্র সমাজকে ধৰি সমাজৰ সকলো স্তৰৰ প্রতিবাদী অংশক লৈ এক সন্মিলিত ‘কা’বিৰোধী শক্তি গঢি তুলিবৰ কাৰণে সভাই সিদ্ধান্ত গ্রহণ কৰে৷ কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ মুক্তিৰ দাবীত এলানি ধাৰাবাহিক আন্দোলনৰ কার্যসূচী গ্রহণ কৰিবৰ কাৰণে সভাই সিদ্ধান্ত গ্রহণ কৰে৷ পৰিৱেশ প্রভাৱ অধ্যয়ন, ২০২০ খচৰাক আজিৰ সভাই বিৰোধিতা কৰিছে৷ আজিৰ সভাই অসমৰ বন্যার্তক পর্যাপ্ত পৰিমাণে খাদ্যসামগ্রী, শিশু খাদ্য, উপযুক্ত চিকিৎসা ব্যৱস্থা প্রদান কৰাৰ লগতে বান–খহনীয়াত গৃহহাৰাসকলক অতিকমেও ১০ লাখ টকা ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনায়৷