কা বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদলৈ তিনিচুকীয়া আছুৰ শ্ৰদ্ধাঞ্জলি
নিয়মীয়া বাৰ্তা, ১২ডিচেম্বৰ: দুটা বৰ্ষৰ পূৰ্বে ৰাজ্যত গঢ়ি উঠা প্ৰবল কা বিৰোধী আন্দোলনৰ সময়ত শ্বহীদ হোৱা ছেম ষ্টেফ’ৰ্ড, দীপাঞ্জল দাস, ঈশ্বৰ নায়ক, আব্দুল হালিম আৰু দীজেন্দ্ৰ পাংগিংৰ সোঁৱৰণত আজি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই তিনিচুকীয়া থানা চাৰিআলিস্থিত ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিস্থলীত সন্ধিয়া এক গভীৰ শ্ৰদ্ধাঞ্জলীৰে বন্তি প্ৰজ্বলন কায্যসূচীৰ আয়োজন কৰে ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদ্দীপ বৰপাত্ৰই আঁত ধৰা পঞ্চ শ্বহীদৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কায্যসূচীৰ আৰম্ভণী কৰে জিলা আছুৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহায়ে ৷ পৰৱৰ্তী সময়ত উপস্থিত সমূহ ব্যক্তিয়ে বন্তি প্ৰজ্জ্বলন কৰি পঞ্চ শ্বহীদৰ আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনা কৰে আৰু কা আন্দোলন আৰু পঞ্চ শ্বহীদৰ ওপৰত বক্তব্য আগবঢ়াই প্ৰাক্তন আছু নেতা তথা অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য ড° গিৰিশ সন্দিকৈয়ে কয় যে অসম সাহিত্য সভাই আৰু অসমবাসী ৰাইজে কোনোদিনে কা সমৰ্থন কৰা নাছিল আৰু নকৰে৷ প্ৰয়োজন সাপেক্ষে পুনৰ অসমবাসীয়ে কা বিৰোধিতা কৰি ৰাজপথলৈ ওলাবলৈ সাজু আছে ৷
উক্ত বন্তি প্ৰজ্বলন অনুষ্ঠানত জিলা আছুৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই, সাহিত্য সভাৰ কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ ড° গিৰিশ সন্দিকৈ, জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ, তিনিচুকীয়া আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ সভাপতি সত্যজিত দুৱৰা, সম্পাদক দেৱজিৎ চেতিয়া, আটছা তিনিচুকীয়া শাখাৰ সভাপতি অভিনয় তাঁতী, যুৱ সাংবাদিক বিবেক বড়া, কেশৱ মহন্তকে আদি কৰি তিনিচুকীয়া আছুৰ লগতে কেইবাটাও দল-সংগঠনৰ বিষয়ববীয়া আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷
প্ৰেৰক:- বিবেক বড়া