নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃত্রিম মেধাক লৈ উদ্বেগ প্রকাশ হোৱাইট হাউছৰ

নিয়মীয়া বাৰ্তা, ৬ মে’: কৃত্রিম মেধা বা আর্টিফিচিয়েল ইণ্টেলিজেন্স (এআই)ক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে হোৱাইট হাউছ প্রশাসনে৷ আজি কৃত্রিম মেধা বা এআইৰ পৰা কেনেধৰণৰ বিপদ সৃষ্টি হ’ব, সেই সন্দর্ভত বিস্তৃতভাৱে আলোচনা কৰিবলৈ প্রযুক্তি প্রতিষ্ঠানৰ মুৰব্বীসকলক আমন্ত্রণ জনায় হোৱাইট হাউছ প্রশাসনে৷ সাধাৰণ জনতাক এআইৰ জৰিয়তে আহিবলগীয়া বিপদৰ পৰা কেনেদৰে সুৰক্ষা প্রদান কৰিব সেই সন্দর্ভত প্রযুক্তি প্রতিষ্ঠানসমূহক সবিশেষ তথ্য দাঙি ধৰিবলৈ আহ্বান জনায় হোৱাইট হাউছে৷ গুগলৰ সুন্দৰ পিচাই মাইক্র’ছফ্টৰ সত্য নাদেলা আৰু অ’পেন এআইৰ ছাম আল্টমানে ইতিমধ্যে উল্লেখ কৰিছে যে সমাজক নিৰাপত্তা প্রদান কৰাৰ নৈতিক কর্তব্য তেওঁলোকৰ আছে৷ উল্লেখ্য যে কৃত্রিম মেধাৰ ওপৰত শেহতীয়াকৈ নির্ভৰ কৰিবলৈ লৈছে প্রযুক্তি প্রতিষ্ঠানসমূহে৷ মেগা প্রতিষ্ঠানসমূহে কৃত্রিম মেধাৰ ওপৰত নির্ভৰ কৰি কর্মচাৰীৰ সংখ্যাও হ্রাস কৰিব বিচাৰিছে৷

You might also like