নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত কৃষি বিভাগৰ পাৱাৰ টিলাৰ, বীজ আৰু কৃষিকৰ্মৰ সামগ্ৰী বিতৰণ

নিয়মীয়াবাৰ্তা, ৯ এপ্ৰিলঃ- কৃষক সকলক অৰ্থনৈতিক ভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ভালেমান আচনি ৰূপায়ণ কৰি আহিছে৷ উক্ত উল্লেখযোগ্য আঁচনি সমূহৰ ভিতৰত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান, প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আচনি, প্ৰধানমন্ত্ৰী কৃষি সিচাই যোজনা, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, উদ্যান শস্যৰ বিভিন্ন যোজনা৷ উল্লিখিত আচনি সমূহ কৃষকৰ মাজলৈ নি কৃষি তথা শস্য উৎপাদন বৃদ্ধি বাবে ভালেমান ব্যৱস্থা জিলা কৃষি বিভাগৰ দ্বাৰা হাতত লোৱা পৰিলক্ষিত হয়৷ সেই উদ্দেশ্যে কৃষি সামগ্ৰী বিতৰণ অনুষ্ঠানৰ জৰিয়তে বিভিন্ন শস্যৰ বীজৰ লগতে আন আন কৃষি সামগ্ৰী সমূহ সময়ে সময়ে বিতৰন কৰি আহিছে৷ এই উপলক্ষে যোৱা ৬ এপ্ৰিলত ৰহা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত ৰহা সমষ্টিৰ বিধায়ক আৰু নগাওঁ জিলা কৃষি বিষয়াৰ লগতে জিলাখনৰ কৃষক ৰাইজৰ উপস্থিতিত ৰাজ সাহায্য পাৱাৰ টিলাৰকে ধৰি বিভিন্ন শস্যৰ বীজ বিতৰণ কৰা হয়৷
তদুপৰি যোৱা ৭ এপ্ৰিলত কলিয়াবৰ কৃষি মহকুমা বিষয়া কাৰ্যালয় প্ৰাংগনতো কৃষি বীজ বিতৰন এক অনুষ্ঠান অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত কৃষি সঞ্চালক কাৰ্যালয়ৰ জেষ্ঠ পৰামৰ্শদাতা দেৱজিৎ নেওগকে ধৰি নগাওঁ জিলা কৃষি বিষয়া তৰুন হাজৰিকা, কলিয়াবৰৰ সহকাৰী আয়ুক্ত তৃষ্ণা ৰিপুন, সহকাৰী কৃষি সঞ্চালক দ্বয় ক্ৰমে ড° বিপুল শৰ্মা, বেদাংগমল্ল বুজৰবৰুৱা, মহকুমা কৃষি বিষয়া ৰঞ্জন ডেকা, বিষ্ণু ৰঞ্জন শইকীয়া, সূৰ্য আমচি, ভদ্ৰ বৰা, মুকুল ভাৰতী নাথকে প্ৰমূখ্য কৰি কলিয়াবৰৰ বিশিষ্ট সমাজকৰ্মী পোহৰ মহন্ত, ভূপেন বৰদলৈ, মুন নাথকে ধৰি স্থানীয় প্ৰায় দুই শতাধিক কৃষক আৰু মহিলা উপস্থিত থাকে৷ উক্ত অনুষ্ঠানতে কৃষক মদন চৌহান, চোমা মুৰা, আৰু ভাষ্কৰ জ্যোতি বৰাক একোখনকৈ ৰাজ সাহায্য যুক্ত পাৱাৰ টিলাৰ বিতৰণ কৰা হয়৷ ইয়াৰোপৰি কলিয়াবৰ মহকুমাৰ বিভিন্ন গাৱঁৰ হিতাধিকাৰী সকলৰ মাজত হাইব্ৰীড মাকৈ, মাটিমাহ, মগুমাহ, শাক-পাচলিৰ বীজ, ভাৰ্মি বেদকে ধৰি বিভিন্ন কৃষিকৰ্মৰ সামগ্ৰী বিতৰন কৰা হয়৷ উক্ত অনুষ্ঠানত উপস্থিত থকা কৃষক ৰাইজক এই উন্নত জাতৰ শস্যৰ বীজবোৰ বিজ্ঞান সন্মত ভাৱে খেতি কৰি কৃষক ৰাইজক অধিক লাভান্বিত হোৱাৰ লগতে আৰ্থিক ভাৱে সচ্ছল হবলৈ আহ্বান জনায় নগাঁও জিলা কৃষি বিষয়া তৰুন হাজৰিকাই৷

 

প্ৰেৰকঃ কন্দৰ্প কুমাৰ কলিতা 

You might also like