নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কেব’ গৃহীত হ’লে বাঙালীৰ আগ্রাসন হ’বঃ নেকিবুৰ জামান

নিয়মীয়া বার্তা, ২৬ নৱেম্বৰঃ “গৰিয়া–মৰিয়া দেশী জনগোষ্ঠীৰ উন্নয়ন আৰু প্রাপ্য দিয়াৰ বাবে চৰকাৰৰ দায়িত্ব আছে ৷ অসমৰ ইতিহাসত ৰাভা, বডো, তিৱাকে ধৰি সকলো জনগোষ্ঠীৰ সমান্তৰালভাৱে এই জনগোষ্ঠীয়ে অসমৰ প্রতিটো দুর্যোগৰ সময়ত আগুৱাই আহিছিল ৷ তাৰ ইতিহাস এতিয়াও আছে ৷ এই জনগোষ্ঠীৰ লোকসকল কিছু সংকটত পৰাটো সত্য ৷ ন্যায্যপ্রাপ্যৰ বাবে সংগ্রাম কৰিব লাগিব ৷”– এই মন্তব্য মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ৷ মৰিগাঁৱত অনুষ্ঠিত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সভাত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে কয়– গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীৰ কথা উত্থাপন কৰাৰ কথা কয় আৰু চৰকাৰে নির্বাচনত ১০০ কোটি টকা দিয়াৰ কথা কৈছিল আৰু ইতিমধ্যে বাজেটত লিপিবদ্ধ হৈছে ৷ এই ধন কম সময়ৰ ভিতৰত চৰকাৰে মুকলি কৰি দিয়াৰ কথা ব্যক্ত কৰে ৷ ৰাইজে এই টকা চৰকাৰে আবণ্টন নিদিব বুলি ভয় খাব নালাগে ৷ যদি উক্ত টকা চৰকাৰে আবণ্টন নিদিয়ে, মই বিধায়কৰ পদ ত্যাগ কৰিম বুলি মন্তব্য কৰে ৷

উক্ত অনুষ্ঠানটোৰ মুকলি সভাত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে ভাষণত কয়– ‘নিজৰ মাতৃৰ দৰে জ্ঞান কৰা অসমমাতৃ অসুস্থ হ’লে সকলো সন্তানে এক হৈ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে ৷ অসম আইমাতৃ আজি অসুস্থ ৷ একাংশ লোকে আইমাতৃৰ বিৰুদ্ধে ষডযন্ত্র ৰচনা কৰিছে ৷ যাক ধর্মৰ নামত এক নহৈ সকলো জাতি–জনগোষ্ঠী, প্রতিজন অসমীয়া ওফৰাই পেলাব লাগিব ৷’ সমান্তৰালভাৱে খিলঞ্জীয়া গৰিয়া–মৰিয়া দেশী জনগোষ্ঠীসকল বিভিন্ন সময়ত লাঞ্ছিত-বঞ্চিত হ’ব লগা হোৱাৰ লগতে সংখ্যালঘুৰ নামত অহা সকলো সা-সুবিধা একাংশ পূর্ববংগীয় লোকে গ্রাস কৰি আহিছে বুলি মন্তব্য কৰে ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দর্ভত কয় যে এই বিল গৃহীত হ’লে অসমত বাঙালীৰ আগ্রাসন হ’ব ৷ গতিকে, সকলো একত্রিত হৈ যুঁজিব লাগিব ৷ সোমবাৰে মৰিগাঁও জিলা গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদৰ অন্তর্গত জালুগুটি (পূব) আঞ্চলিক সমিতিৰ দ্বি–বার্ষিক অধিৱেশনখন দিনজোৰা কার্যসূচীৰে জালুগুটি আদর্শ এম ই স্কুলৰ মুকলি বাকৰিত অনুষ্ঠিত হৈ যায় ৷ অনুষ্ঠানটোত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ কার্যকৰী সভাপতি নুৰুল হক, উপদেষ্টা ফাইজুৰ ৰহমান, গৰিয়া-মৰিয়া দেশী জাতীয় মহিলা পৰিষদৰ মুখ্য আহ্বায়িকা অনিতা ৰহমান, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি তথা সদৌ অসম গ্রাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্রতাপ হাজৰিকা, মৰিগাঁও জিলা গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি ইবাদুল আলী, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি বুবুমণি গোস্বামী আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মৰিগাঁও শাখাৰ সভানেত্রী পুনা দেৱী মহন্তৰ লগতে জিলাখনৰ বিভিন্ন জাতীয়–জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব আৰু বহু সন্মানীয় বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷

You might also like