নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত মন্ত্রী প্রমীলাৰাণীৰ পাৱাৰ টিলাৰ বিতৰণ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ মন্ত্রী প্রমীলাৰাণী ব্রহ্মই শনিবাৰে গৃহ সমষ্টি অর্থাৎ কোকৰাঝাৰ পূব জনজাতি সমষ্টিৰ খেতিয়কৰ মাজত ১০খন পাৱাৰ টিলাৰ বিতৰণ কৰে৷ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ তিতাগুৰিৰ ইৰাকদাও ভৱনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্রী ব্রহ্মই কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কৰি চৰ অঞ্চলৰ দৰে বছৰত একেডৰা মাটিতে তিনিবাৰ পর্যন্ত খেতি কৰিবলৈ আহ্বান জনায়৷

আনহাতে, ‘কা’ সন্দর্ভত সাংবাদিকে সোধা এক প্রশ্ণোত্তৰত মন্ত্রী প্রমীলাৰাণী ব্রহ্মই মুখ্যমন্ত্রীয়ে থলুৱা জনগোষ্ঠীৰ বাবে চিন্তা কৰে আৰু জনজাতি তথা অন্যান্য জনগোষ্ঠীৰ বিৰুদ্ধে ভুল পদক্ষেপ নলয় বুলি মন্তব্য কৰি আওপকীয়াভাৱে চৰকাৰৰ সিদ্ধান্তক সমর্থন জনায়৷

এই অনুষ্ঠানত বিটিচিৰ প্রাক্তন কার্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থকাৰ লগতে কোকৰাঝাৰ পূব জনজাতি সমষ্টিৰ বহু কৃষক উপস্থিত আছিল৷

You might also like