কোৱাৰেণ্টাইন চেণ্টাৰত সুৰা দিবলৈ গৈ আটক দুই যুৱক
নিয়মীয়া বাৰ্তা, ২৮ মেঃ কোৱাৰেণ্টাইন কেন্দ্রত সুৰা যোগান ধৰিবলৈ গৈ বিহপুৰীয়াত আটক হ’ল দুই যুৱক৷ বিহপুৰীয়া মহাবিদ্যালয়ত থকা কোৱাৰেণ্টাইন কেন্দ্রটোত বিয়লি ৩.৩০মান বজাত সুৰক্ষাৰ দায়িত্বত নিয়োজিত আৰক্ষীয়ে দুজন যুৱকক প্রত্যক্ষ কৰে৷ যুৱক দুজনৰ চাল–চলনত সন্দেহ ওপজাত আৰক্ষীয়ে দুয়োকে আটক কৰে৷ যুৱকদ্বয়ৰ পৰা বিলাতী সুৰাৰ বটল উদ্ধাৰ হয়৷ লগে লগে চেণ্টাৰটোত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ আৰক্ষীয়ে দুই যুৱকক সোধা–পোছা কৰাত চেণ্টাৰত থকা দুজন লোকক সুৰা যোগান ধৰিবলৈ অহা বুলি স্বীকাৰ কৰে৷ ধৃত যুৱকদ্বয় হ’ল ৰাতুল ফুকন আৰু ৰঞ্জন দেউৰী৷ যুৱকদ্বয়ে মহাবিদ্যালয়খনৰ গার্লছ হোষ্টেলত কোৱাৰেণ্টাইন হৈ থকা দুজন লোকে তেওঁলোকক ফোন কৰি সুৰা যোগান ধৰিবলৈ অনুৰোধ জনোৱা বুলি উল্লেখ কৰে৷ যিটো সময়ত সকলো স্তৰৰ লোকে ক’ৰোনাৰ বিৰুদ্ধে যুঁজখন অব্যাহত ৰাখিছে, সেই সময়ত কিন্তু একাংশ লোকৰ এনে কাণ্ডজ্ঞানহীন কর্মকাণ্ডই সকলোৰে চকু কপালত তুলিছে৷ উল্লেখ্য যে সম্প্রতি বিহপুৰীয়া মহাবিদ্যায়ৰ কোৱাৰেণ্টাইন কেন্দ্র গার্লছ হোষ্টেল আৰু বয়ছ হোষ্টেলত ক্রমে ২৪জন আৰু ১২জনকৈ বহিঃৰাজ্যৰ পৰা অহা ব্যক্তিক কোৱাৰেণ্টাইন হৈ আছে৷