নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কয়দীক যৌন নিৰ্যাতন চলাই জে’ললৈ অভিযুক্ত

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ধেমাজিৰ জিলা কাৰাগাৰত কাৰাধ্যক্ষ দুলাল দাসে কয়দীৰ ওপৰত সংঘটিত কৰা বিভৎস কাণ্ডৰ অভিযোগত আজি ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ পিছতে আজি  ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ঘটনাৰ বিৱৰণী অনুসৰি, চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং খনামুখৰ গোমন মগৰৰ পত্নী উমা দেৱী মগৰে ধেমাজি সদৰ আৰক্ষী থানাত দিয়া অভিযোগ অনুসৰি, তেওঁলোকৰ পুত্ৰ টিংকু মগৰ(২২) এ বিগত ২০১৬ বৰ্ষত এক বলাৎকাৰ গোচৰৰ বাবে যোৱা চাৰিটা বছৰৰ পৰা ধেমাজি জে’লত শাস্তি ভুগি আছিল। কিন্তু আশ্চৰ্যজনকভাৱে ধেমাজি জে’লৰ জেইলৰ দুলাল দাসে যোৱা ডেৰ বছৰৰ পৰা টিংকু মগৰক কাৰাবাসৰ ১ বছৰৰ পূৰ্বে জে’লৰ পৰা উলিয়াই দিয়াৰ প্ৰলোভন দি যৌন নিৰ্যাতনৰ দৰে পাশৱিক অত্যাচাৰ চলোৱাৰ লগতে বিভিন্ন সময়ত ভয়-ভাবুকি প্ৰদান কৰি ধাৰাবাহিকভাৱে যুৱকজনৰ ওপৰত চলাই আহিছিল এই কু- কৰ্ম৷ এই সমস্ত ঘটনা অলপতে টিংকুৱে মাতৃক অৱগত কৰে।  দীৰ্ঘদিনেই চলা অত্যাচাৰত শাৰীৰিক ভাৱে অসুস্থ হৈ পৰা যুৱকজনে উপায়ন্তৰ হৈ আত্মহত্যা কৰিব বুলিও ফোনযোগে মাতৃক অৱগত কৰিছিল৷ ইফালে ঘটনাটো গাপ দিয়াৰ চক্ৰান্তৰে দুলাল দাসে যুৱকজনক মানসিক চিকিৎসালয়ত চিকিৎসা কৰোৱাই উন্মাদ সজোৱাৰ ষড়যন্ত্ৰৰ অভিযোগো এতিয়া উত্থাপিত হৈছে। প্ৰণিধানযোগ্য যে, এইগৰাকী জেইলৰৰ বিৰুদ্ধে পূৰ্বেও এই ধৰণৰ নিৰ্লজ্জ কাণ্ড সংঘটিত কৰাৰ অভিযোগত প্ৰায় সাতটা গোচৰ ৰুজু হৈ আছে বুলি এক বিশ্বস্ত সূত্ৰে সদৰী কৰিছে। অৱশেষত এই ঘটনাৰ সংক্ৰান্তত যোৱা ৬ জুলাইত ধেমাজি উপায়ুক্তক দিয়া অভিযোগৰ ভিত্তিত ধেমাজি আৰক্ষীয়ে জেইলৰ  দুলাল দাসৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 377 ধাৰা অনুযায়ী 285/2020 নং গোচৰ পঞ্জীয়ন কৰে। তাৰেই পৰিপ্ৰেক্ষিতত তদন্তকাৰী বিষয়া পদ্মেশ্বৰ বৰকটকীয়ে আজি জেইলৰ দুলাল দাসক গ্ৰেপ্তাৰ কৰি ধেমাজিৰ প্ৰথম শ্ৰেণী আদালতত হাজিৰ কৰা পিছত আজি আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

You might also like