নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথৰ বান পীড়িত অঞ্চল পৰিভ্ৰমণ বিশ্বনাথ আছুৰ

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ক’ৰোনা মহামাৰীৰ ভয়াবহ সংক্ৰমণৰ মাজতে ৰাজ্যৰ ভিন্ন স্থানৰ লগতে বিশ্বনাথতো বানৰ কবলত ৰাইজে জীয়াতু ভুগিব লগীয়া হৈছে। কুমলীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৫ নং কুমলীয়া গাওঁত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে মাথাউৰি চিঙাৰ ফলত অঞ্চলটোত বাঢ়নী পানীৰ কবলত পৰি বহু পৰিয়াল এতিয়া আলৈ আথনি ভুগিব লগীয়াত হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকীৰ নেতৃত্বত বিশ্বনাথ জিলা ছাত্র সন্থা, বিশ্বনাথ মহকুমা ছাত্র সন্থা আৰু বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্র সন্থাৰ এটি সজাতি দলে আজি অঞ্চলটোৰ বান বিধ্বস্ত অঞ্চলটো পৰিভ্ৰমণ কৰি বানাক্ৰান্ত ৰাইজক অনতিপলমে চৰকাৰী সুবিধা প্ৰদান কৰিবলৈ বিশ্বনাথ জিলাৰ উপায়ুক্তক সাক্ষাৎ আহ্বান জনায়। সজাতি দলটিত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা, উপ-সভাপতি মঃ আজমত শ্বেখ, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ভাস্কৰ চমুৱা, বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সুৰজ ভূঞা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক লক্ষ্যজিৎ শইকীয়া, বিশ্বনাথ মহাবিদ্যালয় ছাত্র একতা সভাৰ সভাপতি প্ৰজ্ঞান শইকীয়াৰ লগতে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্র সন্থাৰ বিষয় ববীয় সকল উপস্থিত থাকে।

You might also like