নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ’না ভাইৰাছৰ আতংকঃ যোৰহাট বিমানবন্দৰত সতর্কতা

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ সমগ্র বিশ্বতে সম্প্রতি আতংকৰ সৃষ্টি কৰা মহামাৰী সদৃশ কৰ’না ভাইৰাছক লৈ যোৰহাটত ব্যাপক সতর্কতা অৱলম্বন কৰা হৈছে৷ ইয়াৰ অংশস্বৰূপে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত সোমবাৰৰ পৰা পাঁচজনীয়া চিকিৎসক আৰু চিকিৎসা কর্মীৰ এটা দল নিয়োগ কৰা হৈছে৷ বিশেষকৈ চীন, হংকং, ছিংগাপুৰ, নেপাল আৰু থাইলেণ্ডৰ পৰা অহা বিমান যাত্রীসকলক সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অমিত শইকীয়াই এই সন্দর্ভত মঙলবাৰে কয় যে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত এটা পৃথক কেন্দ্রৰ ব্যৱস্থা কৰা হৈছে আৰু কোনো সন্দেহজনক যাত্রীৰ শৰীৰত এই ভাইৰাছৰ লক্ষণ দেখা পালে পৃথক কেন্দ্রত ভর্তি কৰোৱা হ’ব৷

আনহাতে, পাঁচজনীয়া বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা এটা ৰেপিড একচন ফ’চ গঠন কৰা হৈছে৷

You might also like