নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাক লৈ শোণিতপুৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পৰামৰ্শাৱলী

নিয়মীয়া বার্তা, ৮ মার্চঃ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰত বৰ্ষত ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলা প্ৰশাসনে এই পৰিস্থিতি নিয়ন্ত্ৰিত নোহোৱা পৰ্যন্ত জন সমাগম ঘটিব পৰা কাৰ্যসূচী অনুষ্ঠিত নকৰিবলৈ এক পৰামৰ্শাৱলী জাৰি কৰিছে ।

কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে যোৱা ৫ মাৰ্চত এক অফিচ মেম’ৰেণ্ডামযোগে COVID-19 Novel Coronavirus বেমাৰৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত জনসমাগম হ্ৰাস কৰিবলৈ দিয়া পৰামৰ্শৰ ওপৰত ভিত্তি কৰি, শোণিতপুৰ জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত সত্যজিৎ চেতিয়াই সকলো ৰাজনৈতিক/ অ-ৰাজনৈতিক দল-সংগঠন আৰু চৰকাৰী বিভাগসমূহৰ মুৰব্বী বিষয়াসকলৰ প্ৰতি এই পৰামৰ্শাৱলী জাৰি কৰিছে ৷

You might also like