ক’ৰোনা আতংকঃ বিটিচি নির্বাচনী সমাৱেশক লৈ শংকিত ৰাজনৈতিক দল–প্রার্থী
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে অহা চাৰি এপ্রিলত অনুষ্ঠিত হ’ব বিটিচি নির্বাচন৷ ক’ৰোনাই যাতে ৰাজ্যখনত ভয়াৱহ ৰূপ ধাৰণ কৰিব নোৱাৰে, তাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে অহা ২৯ মার্চলৈ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰাৰ লগতে শ্বপিং মল, চিনেমা গৃহ, জীমখানা আদি বন্ধ কৰি দিছে৷ কিন্তু বিটিচি নির্বাচন সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি পিছুওৱা সম্পর্কত এই মুহূর্তলৈ ৰাজ্য চৰকাৰ বা অসম ৰাজ্যিক নির্বাচন আয়োগে কোনো সিদ্ধান্ত গ্রহণ কৰা নাই৷ অথচ ক’ৰোনা আতংকত সাংঘাতিক ধৰণে শংকিত হৈ পৰিছে ৰাজনৈতিক দল আৰু প্রার্থীসকল৷
মূলতঃ নির্বাচনী প্রচাৰৰ বাবে সমাৱেশ কেনেদৰে আয়োজন কৰিব, তাৰ বাবেই সকলো শংকিত৷ এই সন্দর্ভত ৰাজ্যিক নির্বাচন আয়োগৰ সূত্রই জানিবলৈ দিয়া মতে, নির্বাচনত অৱতীর্ণ হোৱা ৰাজনৈতিক দল, প্রার্থীৰ পৰা আনুষ্ঠানিকভাৱে এই সম্পর্কত প্রস্তাৱ আহিলে আয়োগে ৰাজ্য চৰকাৰৰ সৈতে সেই বিষয়ত আলোচনা কৰি যথোচিত পদক্ষেপ গ্রহণ কৰিব৷