নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গায়ন–বায়নৰ ধ্বনিৰে মুখৰ ঐতিহাসিক মালৌপথাৰ

যোৰহাটৰ বৰভেটিত ২৫২সংখ্যক ন লগোৱা উৎসৱত লক্ষাধিক ভক্তৰ সমাগম

মালৌপথাৰৰ পৰা প্রদীপ বৰা, ৰঞ্জিত ভূঞা, ২৪ নৱেম্বৰঃ যোৰহাটৰ ঐতিহাসিক মালৌপথাৰতেই মায়ামৰা সমাজৰ ঐক্য, সাহস আৰু সংহতিৰ প্রতীক বৰভেটি৷ আৱহমান কালৰে পৰা আঘোণ মাহৰ প্রথম দেওবাৰে আয়োজিত হৈ আহিছে ন লগোৱা উৎসৱ৷ শদিয়াৰ পৰা ধুবুৰীলৈ সিঁচৰতি হৈ থকা মায়াময়া সম্প্রদায়ৰ ভক্তসকল আহি নিজৰ উৎপাদিত ন সামগ্রীসমূহ ইয়াত ৰাজহুৱাকৈ লগায়৷ এইবাৰ দুদিনীয়াকৈ আয়োজিত ন লগোৱা উৎসৱৰ আজি লোকাৰণ্য হৈ পৰে মালৌপথাৰ৷ মায়াময়া সত্রাধিকাৰ প্রয়াত শ্রীশ্রী অষ্টভুজ দেৱৰ থান বৰভেটিত এইবাৰ ২৫২সংখ্যক ন লগোৱা উৎসৱ অনুষ্ঠিত হয়৷ ৰজাঘৰীয়া ৰোষত পৰি মায়ামৰা সত্র আৰু সমাজৰ অস্তিত্ব ৰক্ষাৰ চিন্তা কৰি নৱম মায়ামৰা সত্রাধিকাৰ শ্রীশ্রী অষ্টভুজ দেৱৰ আহ্বানত ১৭৬৮ খ্রীষ্টাব্দত ৰাজ্যৰ বিভিন্ন প্রান্তত বিয়পি থকা শিষ্যসকল আগবাঢ়ি আহি মালৌপথাৰৰ বুকুত এছপৰাকৈ মাটি দি ছমাহত ৬০ হাত ওখ, ৩০ নল দীঘল আৰু ১০ নল বহল এক প্রকাণ্ড ভেটি গঢ়ি তোলে৷ তেতিয়াৰ পৰাই শিষ্যসকলৰ বাবেই নহয় সকলোৰে বাবে ই হৈ পৰিল এক পুণ্যভূমি বৰভেটি৷ বিভিন্ন প্রান্তৰ ভক্তই নিজৰ উৎপাদিত সামগ্রী চাউল, পিঠাগুৰি, কল , কুঁহিয়াৰ, বিভিন্ন ফল–মূল ভাৰ কৰি গায়ন বায়নসহ লৈ আহে এই পুণ্যভূমিলৈ৷ চহা কৃষকে শস্যৰ গুটি ৰোপণ কৰোঁতেই কয় ‘ গুৰু লাগিবি, ভকতত লাগিবি, চৰাই চিৰিকটিত লাগিবি, তাৰ পাছতহে নিজৰ বাবে লাগিবি’ –এইমর্মে ৰাজহুৱাকৈ ন লগাই আহিছে মায়ামৰা শিষ্য আৰু ভক্তসকলে৷ ন খাদ্য প্রস্তুত কৰাৰ সময়ত বিভিন্ন ঠাইৰ পৰা অহা শিষ্যসকলে গায়ন–বায়ন প্রাংগণত প্রদর্শন কৰে৷ এইবাৰো ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা হাজাৰ হাজাৰ শিষ্য ভক্তৰ আগমন ঘটে৷ এতিয়া অকল মায়াময়া সম্প্রদায়ৰ বুলিয়েই নহয় এতিয়া এই পুণ্যভূমি সকলো লোকৰে মনৰ অভীষ্ট সিদ্ধিৰ বাবে সেৱা লোৱা এখন থান৷ বিশ্বাস আছে ইয়াত লোণ দান কৰিলে মনৰ অভীষ্ট সিদ্ধি হয়৷ অভ্যর্থনা সমিতিয়ে সুন্দৰ ব্যৱস্থাপনা কৰি সুচাৰুভাৱে পৰিচালনা কৰি আহিছে বৰভেটি আৰু ন লগোৱা উৎসৱ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি প্রকাশ কৰি উলিওৱা ‘বৰভেটি আৰু ইয়াৰ ইতিবৃত্ত’ শীর্ষক পুুষ্টিকা উন্মোচন কৰে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই৷ বৰভেটি এতিয়া এক পর্যটন ক্ষেত্রলৈ ৰূপান্তৰ হৈছে৷ কেৱল ন লগোৱা উৎসৱৰ এই দিনটো বুলিয়েই নহয় বছৰৰ বাৰ মাহেই ইয়ালৈ আগমন ঘটে ভক্ত আৰু পর্যটকৰ৷ কালিৰে পৰা আৰম্ভ হোৱা উৎসৱ পুৱা পতাকা উত্তোলন, স্মৃতি তর্পণ, সন্মুখৰ বাটচ’ৰাত শৰাই স্থাপন কৰা হয়৷ কালিয়েই চেঙেৰীআটী আৰু বৰভেটি সংযোগী পথছোৱাত মুকলি কৰা হয়৷ সন্ধিয়া ‘বৰভেটি’ শীর্ষক স্মৰণিকাখন উন্মোচন কৰে অসম সত্র মহাসভাৰ প্রধান সম্পাদক কুসুম কুমাৰ মহন্তই৷

You might also like