গুৱাহাটীৰ পৰা মৰিগাঁৱলৈ হোম কোৱাৰেণ্টীনৰ বাবে প্ৰেৰণ কৰা যুৱকৰ দল বাছৰ পৰা নামি যোৱাক কেন্দ্ৰ কৰি মৰিগাঁৱত চাঞ্চল্য
মৰিগাঁও ৰ আৰক্ষী অধীক্ষকৰ সতৰ্কবাণী চৰকাৰী নিয়ম ভংগ কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব
নিয়মীয়া বাৰ্তা, ৯ জুনঃ যি সময়ত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বহিঃ ৰাজ্যৰ পৰা অহা লোকসকলক আনুষ্ঠানিক কোৱাৰেণ্টীনৰ পৰা গৈ হোম কোৱাৰেণ্টীনত কঠোৰ নিয়মৰ মাজত নিৰ্দিষ্ট সময়ৰ বাবে থাকিবলৈ বাৰে বাৰে আহ্বান জনায় আছে, সেই সময়ত একাংশৰ বাবে চৰকাৰী নীতি-নিয়ম যেন গুৰুত্বহীন হৈ পৰিছে।
মৰিগাঁৱত সোমবাৰে সন্ধিয়া গুৱাহাটীৰ সৰুসজাইৰ আনুষ্ঠানিক কোৱাৰেণ্টীনৰ পৰা হোম কোৱাৰেণ্টীনলৈ প্ৰেৰণ কৰা ১৭ জনীয়া যুৱকৰ দল এটাক লৈ এখন আলট্ৰা বাছ মৰিগাঁৱত উপস্থিত হয়। মৰিগাঁৱৰ গান্ধী ভৱনৰ সন্মুখত উপস্থিত হোৱাৰ লগে লগে সকলো যুৱক বাছৰ পৰা নামি চহৰৰ বিভিন্ন স্থানলৈ গুচি যায়।
একাংশই নিয়ম ভংগ কৰি এটিএম লৈ গৈ পইচা উলিয়ায়। বাছ খনৰ পৰা যুৱকৰ দলতো এনেদৰে নামি অহাৰ দৃশ্য দেখি স্থানীয় লোক সকল কিছু পৰিমানে আতংকিত হৈ মৰিগাঁও আৰক্ষীক খবৰ দিয়ে। মৰিগাঁও সদৰ থানাৰ পৰিদৰ্শক নেত্ৰ কমল শইকীয়া ঘটনাস্থলীত উপস্থিত হৈ গোটেই কেইজন যুৱকক কৰায়ত্ব কৰি নিজা তত্ত্ববধানত নিজ নিজ গৃহলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।
আনহাতে আৰক্ষীয়ে যুৱক কেইজনে ব্যৱহাৰ কৰা এ টি এম তো চেনিটাইজ কৰে। আনহাতে ঘটনা সম্পৰ্কত মৰিগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কৈ যে চৰকাৰী নীতি নিয়ম ভংগ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।