নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেছ চিলিণ্ডাৰ সম্মুখত লৈ ভৱানীপুৰত মূল্যবৃদ্ধিৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ ৰাজ্যত অতিপাত মূল্যবৃদ্ধিক লৈ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালকৈ আজি আবেলি প্ৰায় ৫ বজাত চি পি আই এমৰ কৃষক সভাৰ‌ ভৱানীপুৰ আঞ্চলিক কমিটিৰ উদ্যোগতো ৰাজ্যখনত নিত্য ব্যৱহাৰ্য সা-সামগ্ৰীকে ধৰি ঔষধ, ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেল আদিৰ ভয়ংকৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত এক পথসভা অনুষ্ঠিত হয়।প্ৰতিবাদীসকলে ভৱানীপুৰ তিনিআলি চ’কত সম্মুখত ৰন্ধন গেছৰ চিলিণ্ডাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।উক্ত প্ৰতিবাদী সভাত ভাষণ দি অসম ৰাজ্যিক কৃষক সভাৰ ৰাজ্যিক কমিটীৰ সদস্য চিত্তৰঞ্জন দাসে হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতিত ব্যস্ত চৰকাৰখনে নিত্য ব্যৱহাৰ্য সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰেই নহয়, বৰঞ্চ চৰকাৰখনে এইবাৰ জনগণৰ জীৱনদায়িনী ঔষধৰ অতিপাত মূল্য‌ বৃদ্ধিৰেও জনগণৰ জীৱনক লৈ হেতালি খেলিছে বুলি উদ্বেগ প্ৰকাশ কৰে। কেন্দ্ৰ-ৰাজ্য নেতৃত্বাধীন
বিজেপি নেতৃত্বাধীন চৰকাৰখন যে কেৱল ধনীক শ্ৰেণীৰ স্বাৰ্থ সুৰক্ষাক লৈহে ব্যস্ত,এই কথাই তাৰেই প্ৰমাণ দিছে বুলিও তেওঁ অভিযোগ কৰে। এই পথসভাত চিত্তৰঞ্জন দাসৰ উপৰিও নবীন দাস,অজিৎ দাস,হংসধৰ বৈশ্য,পুতুল শৰ্মা আৰু প্ৰভাত ডেকাকে ধৰি কৃষক সংগঠনটোৰ ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত আছিল ।

You might also like