গোলাঘাটত হাহাকাৰ, এদিনতে ৫৯জনকৈ ব্যক্তি ক’ভিড পজিটিভ
নিয়মীয়া বাৰ্তা, ২৬ মেঃ দিনটোৰ প্রতিঘণ্টাতে আহি আছে ক’ভিড–১৯ আক্রান্তৰ তথ্য৷ আজি পুৱাৰ ভাগত ১৮জনৰ দেহত ক’ৰোনা ভাইৰাছ বীজাণু ধৰা পৰাৰ কেইঘণ্টামানৰ পাছতেই ৩৫জনৰ পৰীক্ষাত চিনাক্ত হয় ক’ভিড–১৯৷ ইয়াৰ পাছত নিশাৰ ভাগত জিলাখনৰ আৰু ৬জন ক’ভিড পজিটিভ ৰোগীৰ উপস্থিতি ঘোষণা কৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
ইয়াৰ ফলত আজি মুঠ ৫৯জন ক’ৰোনা ৰোগী চিনাক্ত হয় জিলাখনত৷ নিশা ঘোষণা কৰা ৰোগীসকলৰ পৰিচয় এই পর্যন্ত জানিব পৰা হোৱা নাই৷ অৱশ্যে এইসকল বহিঃৰাজ্যত কর্মৰত অৱস্থাত থাকি গোলাঘাটলৈ ঘূৰি আহি কোৱাৰেণ্টাইনত আছিল৷ পুৱাৰ ভাগত চিনাক্ত হোৱা ১৮জন আক্রান্তৰ আটাইকেইজনেই গোলাঘাট জিলাৰ মেৰাপানী অঞ্চলৰ৷
গোলাঘাট জিলাত আক্রান্তৰ সংখ্যা ৭২জনলৈ বৃদ্ধি পাইছে৷ ইয়াৰে ৯জন ৰোগমুক্ত হোৱাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়৷ পুৱাৰ ভাগত ৰোগত আক্রান্ত হোৱা ১৮জনেই গোলাঘাট নগৰৰ মহেশ্বৰী বিবাহ ভৱনত আছিল৷ ক’ভিড–১৯ বীজাণু ধৰা পৰা আক্রান্তসকল হ’ল– বন্তি সোণোৱাল (৪২), দেৱজিৎ চেতিয়া (২০), বিশাল বিশ্বকর্মা (২৫), লক্ষী দাস (৩৫), লোকেশ্বৰ দাস (২২), নিতুমণি দাস (১৯), বিশ্বজিৎ কর্মকাৰ (২৩), বিতু দলে (২২), পৰী চুতীয়া (২৩), দঞ্জয় সোণাৰি (২৪), বিতোপন সোণোৱাল (২৪), হৰিপ্রসাদ বৰুৱা (৩১), ঢ়াকোন চুতীয়া (২৪), মানসী বৰা (২১), ফজল পেগু (২৩), যদুমণি বৰুৱা (২৭), দীপক গগৈ (৩৩) আৰু ভদ্রেশ্বৰ ৰবিদাস (৩১)৷ গোলাঘাট নগৰৰ মহেশ্বৰী ভৱন আৰু এনাজৰী বিবাহ ভৱনত কোৱাৰেণ্টাইনত থকা আন ৩৪জন আক্রান্ত হৈছে– ভুবন শইকীয়া (৪৭), সুনীতা গগৈ (২২), জেউতি ভূমিজ (২২), পল্লৱী বৰা (২৫), মহেশ ভূমিজ (২৬), ৰবি মাহাতো (২৬), দীপক সন্দিকৈ (২৩), মিণ্টু সন্দিকৈ (২২), নিৰোদ বৰা (২১), চন্তি লইং (২৬), হীৰকজ্যোতি দলে (২৮), অৰূপ দলে (২২), নিপু সোণোৱাল (২৬), কৃষ্ণ ঘাটোৱাৰ (২৭), হিতেশ্বৰ ঠেঙাল (৩৩), মঞ্জয় কর্মকাৰ (২০), সুৰেশ হাজৰিকা (৩০), মহেন গগৈ (২৩), জয়ন্ত মুছাহাৰী (২৮), নীল গগৈ (৪৪), ডিম্বশ্বৰ বৰা (৩২), বিতোপন গগৈ (২০), মনোৰম মুছাহাৰী (৩৪), সঞ্জয় বিশ্বকর্মা (২৫), দীপক বসুমতাৰী (৩২), বেবী গগৈ (৩০), চন্দ্র বাহাদুৰ (৩৩), ৰূপম বসুমতাৰী (১৯), মনেশ্বৰ দৈমাৰী (২২), বিতু গগৈ (৩৮), ক্ষীৰোদ মুছাহাৰী (২১), ৰাহুল বসুমতাৰী (৩৭), সুনীল থাপা (২৫) আৰু ৰাজু ঠেঙাল (৩৪)৷ এইসকলৰো ঘৰ গোলাঘাট জিলাৰ মেৰাপানী অঞ্চলত৷
আক্রান্তসকলক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীনস্থ ক’ভিড চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ গোলাঘাট ক’ভিড চিকিৎসালয়ত ক’ৰোনা আক্রান্ত হৈ বর্তমান ৫৬জন ৰোগী চিকিৎসাধীন হৈ আছে৷ ইয়াৰে মহেন্দ্র হেমৰম নামৰ কার্বি আংলং জিলাৰ বালিপথাৰৰ যুৱকজনৰ দেহত বীজাণু ধৰা পৰাত যোৱানিশা গোলাঘাটৰ ক’ভিড চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷
তেওঁ চেন্নাইৰ পৰা আহি বোকাজানত কোৱাৰেণ্টাইনত আছিল৷ গোলাঘাটৰ নাওজানৰ আন এজন ক’ৰোনা আক্রান্ত গুৱাহাটীত চিকিৎসাধীন হৈ আছে৷ উল্লেখ্য যে শেহতীয়াভাৱে গোলাঘাট জিলাত ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে যদিও ৯জনৰ বাদে বাকীসকল বহিঃৰাজ্যত কর্মৰত লোক আৰু আটাইকেইজনেই কোৱাৰেণ্টাইনত থকা৷ উল্লেখ্য যে ক’ভিড–১৯ ভাইৰাছ সংক্রমিত বহিঃৰাজ্যৰ লোকসকলৰ ভিতৰত ছিকিউৰিটী গার্ড হিচাপে কর্মৰত লোকৰ সংখ্যা বেছি হোৱা পৰিলক্ষিত হৈছে৷ চেন্নাই আৰু হায়দৰাবাদত এইসকল লোক ছিকিউৰিটী গার্ড, কোম্পানীৰ শ্রমিক, ঘৰুৱা শ্রমিক হিচাপে নিয়োজিত থকা বুলি এক সূত্রৰ পৰা জানিব পৰা গৈছে৷
এইসকলৰ ভিতৰত একেলগে কাম কৰা লোকে এই ভাইৰাছত আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে৷ একেটা কোম্পানী অথবা একেটা ছিকিউৰিটী এজেন্সীত কাম কৰা লোকো আছে এইসকলৰ মাজত৷ তেওঁলোকৰ শৰীৰলৈ কেনেদৰে এই ভাইৰাছ সংক্রমণ হ’ল, সেয়া বর্তমানলৈকে চিকিৎসা বিভাগে সদৰী কৰা নাই যদিও বহিঃৰাজ্যৰ পৰাই এইসকল লোকে ক’ভিড–১৯ ভাইৰাছ শৰীৰত লৈ ফুৰাৰ বাবে সংক্রমণ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷
সন্ধিয়া নাইবা নিশাৰ ভাগলৈ জিলাখনৰ বিভিন্ন ঠাইত কোৱাৰেণ্টাইনত থকা বহু লোকৰ দেহত ক’ৰোনা ভাইৰাছ, ক’ভিড–১৯ বীজাণু ধৰা পৰাৰ তথ্য অহাৰ সম্ভাৱনা আছে৷ ইফালে গোলাঘাট জিলাত ভয়াৱহ ৰূপত ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগ৷ কিয়নো গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীনস্থ ক’ভিড চিকিৎসালয়ত ৰোগীৰ বাবে ১২০খন বিছনাৰ ব্যৱস্থা আৰু ২৪টা আই চি ইউৰ ব্যৱস্থা আছে৷ বর্তমান চিকিৎসালয়খনত ৫৬জন ক’ৰোনা ৰোগী ইতিমধ্যে চিকিৎসাধীন হৈ আছে৷ আক্রান্তৰ সংখ্যা ভয়াৱহ ৰূপত বৃদ্ধি হোৱাত ৰোগী অনুপাতে চিকিৎসাৰ বাবে বিছনাৰ অভাৱ হোৱাৰো আশংকাত ভুগিছে স্বাস্থ্য বিভাগে৷ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে স্বাস্থ্য বিভাগৰ কার্যবাহী সঞ্চালক অচ্যুত বৈশ্য ইতিমধ্যে গোলাঘাটত উপস্থিত হৈছে।