নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৰেশ্বৰত ছিগিল পুঠিমাৰী নৈৰ মথাউৰি, জলমগ্ন কেইবাখনো গাঁও

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ বাগসাৰ গোৰেশ্বৰত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ।গোৰেশ্বৰৰ নিজকছুলাত পুঠিমাৰী নৈৰ ভগ্ন মথাউৰিৰ লগতে বেটাগাঁও, বালাবাৰিৰ বান বিধ্বস্ত লোক সকলৰ বুজ লয়।নিজকছুলা প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰি থকা ৩৬ টা পৰিয়ালৰ মাজতো উপস্থিত হৈ খা-খবৰ লয়।

আনহাতে বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি সাংসদ দৈমাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়-বিটিচিবাসীৰ কাৰণে এতিয়া দুৰ্ভাগ্যজনক বিষয়।এতিয়া ৰাজ্যপালৰ শাসন ।ৰাজ্যপালে বানপানী কি একো নাজানে।তেওঁ বানপানী এলেকাৰ মানুহ নহয়।তেওঁ কেতিয়াও প্ৰশাসন চলাই পোৱা নাই।দিল্লী চৰকাৰৰহে এজন মন্ত্ৰী আছিল বলি তাৎপৰ্যপুৰ্ণ মন্তব্য কৰে।উল্লেখ্য যে নিশা পুঠিমাৰী নৈৰ মথাউৰি গোৰেশ্বৰৰ নাৰামাৰিত চিগি নিয়াৰ ফলত গোৰেশ্বৰ ৰাজহ চক্ৰৰ কেবাখনো গাঁও সম্পুৰ্ণৰূপে জলমগ্ন হৈ পৰে।ফলত বহু পৰিয়ালৰ ঘৰ-দুৱাৰ জলমগ্ন হৈ পৰাৰ লগতে বিস্তীৰ্ণ কৃষি ভূমি বিস্তৰ ক্ষতি সাধন হয়।আনহাতে নৈখনৰ মথাউৰিৰি চিগি যোৱাত গোৰেশ্বৰ-ৰঙিয়া গড়কাপ্টানী পথত একাঠু পৰ্যন্ত পানী হোৱাত পথটোৰে যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে।

আনহাতে চেনীগাঁৱৰ জগত চুবুৰীৰ পোন্ধৰটাৰো অধিক পৰিয়াল শুক্লা আৰু পুঠিমাৰী নৈত আৱদ্ধ হৈ পৰাত পৰিয়ালকেইটাক স্থানীয় প্ৰাথমিক বিদ্যালয় এখনত আশ্ৰয় শিৱিৰ পাতি থাকিবলগীয়া হৈছে।

You might also like